মাৰ্ঘেৰিটাৰ ১১১ খন বিশেষ বিদ্যালয়লৈ ডেক্স-বেঞ্চ বিতৰণ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ

Distribution of Desk-Bench

মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মা

সোমবাৰে প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা(PMKKKY)ৰ অধীনত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ খনিজ সম্পদ খননৰ দ্বাৰা প্ৰভাবিত অঞ্চলৰ সৰ্বমুঠ এশ এঘাৰ(১১১)খন বিদ্যালয়লৈ কেন্দ্ৰীয় খনিজ বিভাগৰ ডিষ্ট্ৰিক মিনাৰেলছ ফাউণ্ডেশ্যন (DMF) ট্ৰাষ্টৰ তৰফৰ পৰা প্ৰথম পৰ্য্যায়ত নশ ষোল্লখন ডেস্ক-বেঞ্চ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়।

মাৰ্ঘেৰিটা নগৰৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত আয়োজিত আজিৰ ডেস্ক-বেঞ্চ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি আৰু বিতৰক হিচাপে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই অংশগ্ৰহণ কৰি আনুষ্ঠানিক ভাৱে ২৫খন বিদ্যালয়ৰ কৰ্তৃপক্ষক বেঞ্চ-ডেস্ক বিতৰণৰ দ্বাৰা কাৰ্য্যসূচীভাগৰ শুভৰাম্ভণি কৰে।

সভাত স্থানীয় বিধায়কগৰাকীৰ লগতে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত চট্টাৱন, তিনিচুকীয়া জিলা প্ৰকল্প অভিযন্তা যজ্ঞেশ্বৰ বৰা, মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া টংকেশ্বৰ গগৈ, মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ কনিষ্ঠ অভিযন্তা উৎপল হাজৰিকা, পি এম কে কে কে ৱাই(PMKKKY)ৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ পুঁজি আৰু আঁচনিৰ তত্ত্বাৱধায়ক জ্যোতিষ ৰায়(সোণ্দাষ), মাৰ্ঘেৰিটা পৌৰ সভাৰ সভানেত্ৰী নিৰু বৰা, উপ-সভাপতি আনন্দ শৰ্মা,  বিধায়ক মহোদয়ৰ সমষ্টিৰ কাম-কাজ তত্ত্বাৱধায়ক দিচেন টিপমীয়া, বিজেপি ব্লক্ মণ্ডলৰ সভাপতি ভৱেশ দত্ত, বিজেপি সদৰ মণ্ডলৰ সম্পাদক মদন শৰ্মাৰ লগতে সমষ্টিটোৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ এশ এঘাৰখন বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।