কয়লাৰ চোৰাং বেহা! মাৰ্ঘেৰিটাৰ বৰগোলাইত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক

IMG_20211008_202933

ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই মাটি লাইনতস্থিত বিট্ৰিছ কুমাৰ কয়লা ভাটাত শুকুৰবাৰে সন্ধিয়া মাৰ্ঘেৰিটা আৰক্ষীয়ে পি বি ১৯ চি ৯৬৮৪ নম্বৰ এখন কয়লা ভৰ্তী ট্ৰাক জব্দ কৰে।

যি সময়ত উত্তৰ পূব কয়লা ক্ষেত্ৰ উৎপাদন আৰু সৰবৰাহ সম্পূৰ্ণ বন্ধ আছে সেই সময়ত আৰক্ষীৰ চকুত ধুলি দি চোৰাং কয়লা সৰবৰহা কৰিবলৈ চেষ্টা কৰোতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কয়লা ভৰ্তি ট্ৰাক খন জব্দ কৰে।

কয়লা খিনি কয়লা চোৰ লিডুৰ জনৈক দিপাংকৰে সৰবৰাহ কৰিবলৈ লৈছিল বুলি সূত্ৰত প্ৰকাশ।

ইতিমধ্যেই গাড়ীৰ চালক সহ দুজনক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আনহাতে, এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি শেহতীয়াকৈ লিডু, বৰগোলাই নামদাং আদি অঞ্চলৰ পৰা অতি গোপনে চোৰাং কয়লা সৰবৰাহ হৈ আছে।

কাৰ আশীৰ্বাদত ৰাষ্ট্ৰীয় সম্পদ কয়লা এইদৰে চোৰাং ভাৱে সৰবৰাহ হৈ আছে সেই সন্দৰ্ভত সচেতন ৰাইজে আৰক্ষী প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে।

মাজে সময়ে আৰক্ষীয়ে দুই এক কয়লা সৰবাৰহ কৰা গাড়ী জব্দ কৰি আহিছে যদিও প্ৰকৃত কয়লা চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰত মাৰ্ঘেৰিটাৰ সচেতন ৰাইজ আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।