মাৰ্ঘেৰিটাৰ ৮ জন ক’ভিড-১৯ আক্ৰান্তক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ

ফটো : নৰ্থ-ইষ্ট নাও

বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন চেন্টাৰত থকা মাৰ্ঘেৰিটাৰ তিনিটা চেন্টাৰৰ মুঠ ৮ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ।

৩১ মে’ৰ নিশা অহা ৰিপৰ্টৰ মতে ৮ জন লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত আজি আটাই কেইজনকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, যোৱা ২৭ মে’ত ডিব্ৰুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰলৈ পঠিওৱা নমুনাৰ ফলাফলত মাৰ্ঘেৰিটাৰ ৩টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰত থকা ৮ জন লোকৰ দেহত পোৱা গৈছে ক’ৰ’না পজিটিভ।

ব্যক্তি কেইজন ক্ৰমে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাব কোৱাৰেণ্টাইন চেণ্টাৰৰ স্বপন বাল্মীকি (৩০), পিংকু চেত্ৰী (৩০), বিশাল গুৰুং (২৫), শালমনি বুটিন (২৫), মাৰ্ঘেৰিটাৰ মাৰোৱাৰী বিবাহ ভৱন কোৱাৰেণ্টাইন চেণ্টাৰত থকা অভিজিৎ বৰা (২১), বিজিত ধানুৰ (২১)।

আনহাতে  এ আৰ এণ্ড টি স্কুল মাৰ্ঘেৰিটা, কোৱাৰেণ্টাইন চেণ্টাৰত থকা জগদীশ বুঢ়াগোঁ‌হাই (১৯), বিশ্ম মৰাণ (২৬) বুলি জানিব পৰা গৈছে।