NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক গকুল শৰ্মাৰ দেহাৱসান

September 4, 2020 10:30 pm · মানস প্ৰতিম গগৈ

অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, ক্ৰীড়া সংগঠক গকুল শৰ্মা (৭৮)ৰ শুকুৰবাৰে ডিব্ৰুগড়স্থ এখন নাৰ্চিং হোমত দেহাৱসান ঘটে।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত শৰ্মাক আজি পুৱা ডিব্ৰুগড়ৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰাৰ মাত্ৰ ত্ৰিশ মিনিটতে শেষ নিশ্বাস ত্যাগ কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, মাৰ্ঘেৰিটাৰ প্ৰথমজন চৰকাৰী পেঞ্চনপ্ৰাপ্ত সাংবাদিক প্ৰতিষ্ঠিত লেখক কবি গকুল শৰ্মাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।

আজি তিনিচুকীয়া সাংবাদিক চ’ৰাত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভাই তেখেতৰ গুণানুকীৰ্তন কৰাৰ লগতে একমিনিট সময় মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদগতি কামনা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সভাই শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান ৰাজহুৱাভাৱে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অন্যহাতে শৰ্মাৰ নশ্বৰ দেহ মাৰ্ঘেৰিটাৰ মাকুমপথাৰস্থ বাসভৱনত আহি উপস্থিত হোৱাৰ লগে লগে গুণমুগ্ধসকলৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

তেওঁৰ নশ্বৰদেহত গন্ধ পুষ্প অৰ্পণ কৰাৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা মাৰ্ঘেৰিটা, বৰগোলাই শাখা সাহিত্য সভা তিনিচুকীয়া জিলা কবি সন্মিলন, মাৰ্ঘেৰিটা শাখা কবি সন্মিলন, লেখিকা সংস্থা, আছু, ছাত্ৰ মুক্তি আদিৰ পবিত্ৰ পতাকাৰে আবৃত কৰি সন্মান জ্ঞাপন কৰে।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আঁ‌ত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ড° ৰমেন হাজৰিকা, ড° ৰঞ্জিত দত্ত, ৰুনজুন শইকীয়া, লক্ষ্যধৰ সোণোৱাল, জ্যোতিষ ৰাই, মানস প্ৰতিম গগৈ, শান্তনু সৰকাৰ, ৰূপম বৰুৱা, ফাইজুৰ ৰহমান, তপন দে, শ্যামল নেওগ, মনজিত ৰাজখোৱা আদি বহু বিশিষ্ট ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

দিহিংপৰীয়া কবি হিচাপ পৰিচিত শৰ্মা ৰাজ্যখনৰে এগৰাকী জনপ্ৰিয় কবি অতি ভদ্ৰ অমায়িক ব্যক্তি শৰ্মাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

অসম বাৰ্তাজীৱী সংঘৰ স্বীকৃতিপ্ৰাপ্ত তিনিচুকীয়া  জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন  সভাপতি, প্ৰবীণ  সাংবাদিক, শেহতীয়াভাৱে অসম চৰকাৰৰ সাংবাদিক পেঞ্চনৰ বাবে নিৰ্বাচিত গকুল শৰ্মাৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে।

এটা বিবৃতিত সংঘৰ সভাপতি কেশৱ কলিতা আৰু সাধাৰণ সম্পাদক টুটুমণি ফুকনে কয় যে এগৰাকী অতি সৎ আৰু নিষ্ঠাৱান সাংবাদিক গকুল শৰ্মা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ সমগ্ৰ জিলাখনৰ সাংবাদিকসকলক নেতৃত্ব দিয়াৰ লগতে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা সম্পাদকৰ দায়িত্ব এটা সময়ত অলংকিত কৰিছিল।

তেওঁৰ মৃত্যু অসম বাৰ্তাজীৱী সংঘ তথা অসমৰ সংবাদ মাধ্যমৰ বাবে অপূৰণীয় ক্ষতি।

তেওঁৰ সুস্থ নেতৃত্ব আৰু কৰ্ম প্ৰেৰণা সকলোৰে বাবে চিৰস্মৰণীয় আদৰ্শ হৈ ৰ’ব। এই দুখৰ মুহূৰ্তত অসম বাৰ্তাজীৱী সংঘই পৰিয়ালৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

অন্যহাতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁ‌ৱৰে প্ৰবীন সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক হিমেন ভট্ৰাচাৰ্য, অনুজ কলিতা, তিনিচুকীয়া সাংবাদিক চ’ৰা, ছৈখোৱা, কাকপথাৰ, ডিগবৈ, শদিয়া প্ৰেছ ক্লাব, আছা তিনিচুকীয়া জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে সাংবাদিক শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Related News