বিয়া পতাৰ বাবে হেঁচা, লিভ ইন পাৰ্টনাৰক হত্যা কৰি ৮ মাহ ফ্ৰীজত ৰাখিলে বিবাহিত প্ৰেমিকে
এজন বিবাহিত লোকে নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি প্ৰায় ৮ মাহ ধৰি মৃতদেহ ফ্ৰীজত ৰখাৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ দেৱাছত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীৰ নাম পিংকি প্ৰজাপতি (৩০)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জয় পাটিদাৰক।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত সঞ্জয় বিবাহিত। প্ৰায় পাঁচ বছৰ ধৰি পিংকিৰ সৈতে লিভ ইন ৰিলেচনত আছিল। দুয়োজনেই ভাড়াঘৰত বাস কৰিছিল। শেহতীয়াকৈ পিংকিয়ে তেওঁক বিয়া পাতিবলৈ হেঁচা দি আছিল। যাৰ বাবে তেওঁক হত্যা কৰা বুলি ধাৰণা কৰা হৈছে।
তদন্তকাৰীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি যোৱা বছৰৰ জুন মাহত সম্ভৱতঃ যুৱতীগৰাকীক হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ ফ্ৰীজত থৈ দিয়া হৈছিল। শুকুৰবাৰে ভাড়াঘৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱাত বৰ্তমানৰ ভাড়াতীয়া আৰু ওচৰ-চুবুৰীয়াই ঘৰৰ মালিক ধীৰেন্দ্ৰ শ্ৰীবাস্তৱক এই বিষয়ে অৱগত কৰে। থানাত খবৰ দিয়ে। ইয়াৰ পিছতে ফ্ৰীজৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
আৰক্ষী অধীক্ষক পুনীত গেহলটে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, ২০২৩ চনৰ জুন মাহত শ্ৰীবাস্তৱে সঞ্জয়ক এটা ঘৰ ভাড়াত দিছিল। এবছৰৰ পাছত ঘৰটো খালী কৰি দিলেও সঞ্জয়ৰ কিছু বস্তু-বাহানি তেতিয়াও তাতেই আছিল। সেয়ে, সঞ্জয় প্ৰায়ে ঘৰটোলৈ আহিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।