NORTHEAST NOW (Assamese)

মাৰুতি গাড়ী থকাসকলৰ বাবে ভাল খৱৰ: পুৰণি বা নতুন গ্ৰাহকলৈ কোম্পানীৰ বিশেষ অফাৰ

August 16, 2019 10:13 am · এন ই নাও নিউজ
মাৰুতি বলেন'। ফটো : ইন্টাৰনেট

আপোনাৰ ওচৰত যদি মাৰুতি চুজুকিৰ কোনো গাড়ী আছে তেতিয়াহ’লে এই খৱৰে আপোনাক আনন্দিত কৰিব।

দেশৰ আটাইকৈ বৃহৎ গাড়ী নিৰ্মাণ কোম্পানী মাৰুতিয়ে স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে।

কোম্পানীটোৱে গ্ৰাহকৰ বাবে ‘ফ্ৰীডম চাৰ্ভিছ কেম্পেইন’ৰ ঘোষণা কৰিছে।

এই কেম্পেইন অনুসৰি মাৰুতি গাড়ীৰ মালিকসকলে তেওঁলোকৰ গাড়ীসমূহ অথৰাইজ্ড ডিলাৰৰ তাত গৈ বিনামূলীয়াকৈ চেক কৰাব পাৰিব।

১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা এই অফাৰ ৩১ আগষ্টলৈকে অব্যাহত থাকিব।

তদুপৰি, মাৰুতি কোম্পানীটোৰ তৰফৰ পৰা ‘ইণ্ডিপেনডেন্ট ডে চাৰ্ভিছ কেম্পেইন’ৰ ঘোষণাও কৰা হৈছে।

এই কেম্পেইনৰ অধীনত কোম্পানীয়ে গ্ৰাহকসকলক কেইবাটাও ‘আফটাৰ ছেলছ অফাৰ’ আগবঢ়াইছে।

ইয়াত এক্সিডেন্টড ৱাৰেন্টিৰ লগতে ‘চাৰ্ভিছ লেবাৰ চাৰ্জ’তো বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি, মাৰুতি সেৱা কেন্দ্ৰত গাড়ীৰ যন্ত্ৰপাতি বা আচবাবৰ ওপৰতো ৰেহাই লাভ কৰিব। এই কেম্পেইনো ৩১ আগষ্টলৈকে চলিব।

আনহাতে, মাৰুতি কোম্পানীৰ তৰফৰ পৰা এল্ট’ ৮০০ত ৩০,০০০ টকাৰ বৰ্দ্ধিত ৰেহাই আগবঢ়োৱা হৈছে।

মাৰুতি ছেলেৰিঅ’ত ১.৪৫ লাখ টকা পৰ্যন্ত ৰেহাই আৰু বলেন’ত ১ লাখ টকাৰ ৰেহাই আগবঢ়োৱা হৈছে।

ইপিনে, ২১ আগষ্টত মাৰুতিৰ ফালৰ পৰা ৬ আসনযুক্ত এমপিবি কাৰ মুকলি কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।

এই এমপিবি অটিংগাৰ দৰে হ’ব যদিও অটিংগাতকৈ সামান্য পৃথক হ’ব আৰু ইয়াত প্ৰিমিয়াম ইন্টেৰিয়ৰ থাকিব।

Related News