নামী-দামী মহিলাক পিছ পেলাই সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাৰ শীর্ষত মেৰীকম

Mary-Kom-1-750x375

বলিউদৰ নামী-দামী অভিনেত্ৰী তথা দেশৰ আগশাৰীৰ বহু অভিজ্ঞ মহিলা ৰাজনীতিবিদক পিছ পেলাই ভাৰতৰ সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে মহান বক্সাৰ মেৰীকমে।

YouGovয়ে চলোৱা সমীক্ষাটোৰ তালিকাত ছবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ পিছতে দ্বিতীয় স্থানত কিৰণ বেদী আৰু তৃতীয় স্থানত আছে লতা মংগেশকাৰ।

‘ভাৰতৰ সৰ্বাধিক প্ৰশংসনীয় মহিলা’ৰ বাবে চলোৱা সমীক্ষাটোত মণিপুৰৰ মহান বক্সাৰ গৰাকীয়ে ১০.৩৬ শতাংশ ৰেটিং লাভ কৰে।

ভাৰতৰ প্ৰথম মহিলা আই পি এছ তথা বৰ্তমান পণ্ডিচেৰিৰ ৰাজ্যপাল হিচাপে কৰ্মৰত কিৰণ বেদীয়ে ৯.৪৬ আৰু কোকিলকণ্ঠী গায়িকা লতা মংগশকাৰে ৯.২৩ শতাংশ ৰেটিঙেৰে তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত থাকে।

আনহাতে সদ্য প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ (৭.১৩) চতুৰ্থ, পঞ্চম স্থানত অভিনেত্ৰী দিপীকা পাদুকন(৬.৩৫), ষষ্ঠত পাকিস্তানৰ নোবেল বিজয়ী সমাজকৰ্মী মালালা য়ুছুফজাই (৫.৭৫), আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিছেল ওবামা সপ্তমত আৰু অষ্টম স্থানত আছে প্ৰিয়ংকা চোপ্ৰা।

MyGovয়ে প্ৰস্তুত কৰি উলিওৱা এই তালিকাৰ প্ৰথম ২৫ গৰাকীৰ ভিতৰত মেৰীকমেই একমাত্ৰ ক্ৰীড়াবিদ।

সমীক্ষাৰ জৰিয়তে প্ৰস্তুত কৰি উলিওৱা তালিকাখন প্ৰকাশ হোৱাৰ পাছতেই দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে মেৰীকমৰ এই বিশেষ সাফল্যৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে।

ইফালে দেশৰ সবাটোকৈ লোকপ্ৰিয় ব্যক্তিৰ তালিকাৰ শীৰ্ষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় স্থানত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অনুভৱী উইকেটৰক্ষক বেটছমেন মহেন্দ্ৰ সিং ধোনী।

উল্লেখ্য যে ৪১খন দেশৰ ৪২ হাজাৰ লোকৰ মাজত চলোৱা হৈছিল এই বিশেষ সমীক্ষাটো।