• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ণাটকৰ বিজেপি নেতা য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দিয়া মহিলাৰ ৰহস্যজনক মৃত্যু

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 29, 2024 12:36 pm
928
VIEWS
Share on FacebookShare on Twitter

ৰহস্যজনকভাবে মৃত্যু হৈছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু এগৰাকী মহিলা।

মহিলাগৰাকীৰ হৈ আদালত পক্ষ দাঙি ধৰা অধিবক্তাগৰাকীক লগ কৰাৰ কথা আছিল যদিও অধিবক্তাগৰাকীক লগ পোৱাৰ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু হয়।

মহিলাগৰাকীয়ে নিজৰ কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু কৰিছিল। সোমবাৰে তেওঁ অধিবক্তা এছ বালানক সাক্ষাৎ কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। এই মৃত্যুক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইয়াৰ আঁৰত য়েডিয়ুৰাপ্পাৰ হাত আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, উশাহ-নিশাহৰ সমস্যাৰ বাবে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে কৰ্কট ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। কেইবাবছৰ ধৰি বৃক্কৰ সমস্যাতো ভুগি আছিল মহিলাগৰাকী। দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত তেওঁৰ কন্যাই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। ৰাতিপুৱা ৯.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ দাবী  জনাইছে অধিবক্তাগৰাকীয়ে। অধিবক্তাগৰাকীয়ে লগতে কয় যে চিকিৎসালয়ৰ পিছফালৰ দুৱাৰেদি গোপনে মহিলাগৰাকীৰ মৃতদেহ লৈ যোৱা হৈছে। সমগ্ৰ ঘটনাটোত ৰহস্যৰ আভাস পোৱা গৈছে।

লগতে পঢ়কঃ সুস্বাদু বিৰিয়ানীয়ে মাতি আনিলে কাল! খোৱাৰ পাছতে এগৰাকী মহিলাৰ মৃত্যু,১৭৮ গৰাকীত চিকিৎসালয়ত ভৰ্তি
লগতে পঢ়কঃ বিজেপি নেতাৰ অতপালি : ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণৰ কয়ভয়ৰ খুন্দাত নিহত দুটা শিশু, আহত আন এজন
লগতে পঢ়কঃ কাৰাবন্দী হৈ আছিল পাকিস্তানত : ১৮ মাহ পিছত আজি ওপজা মাটিলৈ ঘূৰি আহিব অসমৰ মাতৃ-পুত্ৰ

মৃতকৰ চিনাকি এজন সমাজকৰ্মীয়ে জনোৱা মতে, য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত মহিলাগৰাকীৰ পৰিয়ালৰ আপত্তি আছিল। কিন্তু কন্যাৰ ন্যায় পাবলৈ তেওঁ গোটেই পৰিয়ালটোৱেই ত্যাগ কৰিছিল। কিন্তু মৃত্যুৰ পিছত মহিলাগৰাকীৰ পুত্ৰ আৰু ভাতৃয়ে চিকিৎসালয়লৈ গৈ মৃতদেহটো লৈ যায়। ইয়াতো সন্দেহৰ সৃষ্টি হয়।

প্ৰসংগক্ৰমে যোৱা ১৪ মাৰ্চত বেংগালুৰুৰ সদাশিৱনগৰ আৰক্ষী থানাত য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ মাতৃয়ে। ১৭ বছৰীয়া নাবালিকাৰ মাতৃৰ অভিযোগৰ ভিত্তিত বেংগালুৰুৰ সদাশিৱনগৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(এ) ধাৰা আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

আৰক্ষীৰ মতে, ২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ মাতৃয়ে য়েডিয়ুৰাপ্পাৰ ওচৰলৈ গৈ প্ৰতাৰণাৰ গোচৰত সহায় বিচাৰিছিল। সেই সময়ত এইগৰাকী প্ৰভাৱশালী বিজেপি নেতাই নাবালকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd