ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২৪ৰ বাবে ভাৰতৰ চেফ-ডি-মিছনৰ পদৰ পৰা বক্সিং কিংবদন্তি মেৰী কমে ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে। সংবাদ সংস্থাটোৰ মতে, মেৰীকমে কয় যে তেওঁ এই ভূমিকা এৰিবলৈ লজ্জিত অনুভৱ কৰিছিল যদিও তেওঁৰ হাতত আন কোনো উপায় নাছিল।

পিটিআইক মেৰীকমে কয় যে “প্ৰতিশ্ৰুতিৰ পৰা পিছুৱাই যোৱাটো লজ্জাজনক, কিন্তু মোৰ হাতত কোনো বিকল্প নাই।” পেৰিছত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত খেলুৱৈসকলক গাইড কৰাৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহত ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে (আই অ’ এ) চেফ-ডি-মিছন হিচাপে মেৰীকমক নিযুক্তি দিছিল। মেৰীকমৰ সহযোগী হিচাপে শিৱ কেশৱনক দায়িত্ব দিয়া হৈছিল।এইবাৰ অলিম্পিকত ভাৰতৰ পতাকাবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সাজু হৈছে শৰথ কমল।

চেফ-ডি-মিছন হিচাপে মেৰীকমৰ ভূমিকা আছিল মূলতঃ অলিম্পিক গেমছত ৰাষ্ট্ৰীয় দলৰ মুৰব্বী হোৱা। মেৰীকমে দলৰ প্ৰতিনিধি হিচাপে কাম কৰাৰ কথা আছিল৷ইয়াৰ ভিতৰত লজিষ্টিকছৰ তদাৰক কৰা, ভ্ৰমণৰ ব্যৱস্থাৰ সমন্বয় গঢ়ি তোলা, আয়োজক দেশৰ অলিম্পিক আয়োজক সমিতিৰ সৈতে যোগাযোগ কৰা, অলিম্পিকৰ নিয়ম আৰু বিধিসমূহ মানি চলাটো নিশ্চিত কৰা, উদ্ভৱ হ’ব পৰা যিকোনো সমস্যা বা বিবাদ চম্ভালিব পৰা, আৰু সমগ্ৰ খেলখনৰ সময়ছোৱাত খেলুৱৈ আৰু দলৰ বিষয়াসকলক সহায় আৰু পথ প্ৰদৰ্শন কৰা আদি অন্তৰ্ভুক্ত আছিল৷