NORTHEAST NOW (Assamese)

ক’ভিদৰ অৱসান! এতিয়াৰ পৰা বিমানত আৰু বাধ্যতামূলক নহয় মাস্ক

November 16, 2022 8:32 pm · এন ই নাও নিউজ, গুৱাহাটী

এতিয়াৰ পৰা আৰু বিমান যাত্ৰাৰ সময়ত যাত্ৰীসকলে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব নালাগে। দেশত ক’ভিদ পৰিস্থিতি ক্ৰমে শাম কটাৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে আজি এই ঘোষণা কৰিছে।

ক’ভিদকালীন সময়চোৱাত যাত্ৰীৰ বাবে মাস্ক বাধ্যতামূলক কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে এই নিয়ম প্ৰযোজ্য হৈ আছিল।

দেশৰ এয়াৰলাইন সমূহলৈ দিয়া এক নিৰ্দেশনাত মন্ত্ৰালয়ে ক’ভিদ ব্যৱস্থাপনা সন্দৰ্ভত চৰকাৰৰ শেহতীয়া নীতিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

অৱশ্যে মাস্ক ব্যৱহাৰ বাধ্যতামূলক নহ’লেও ক’ভিদৰ পৰা উদ্ভৱ হ’ব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰাপক্ষত যাত্ৰীসকলে মাস্ক পৰিধান কৰা উচিত বুলি মন্ত্ৰালয়ে উল্লেখ কৰে।

উল্লেখ্য যে শেহতীয়া চৰকাৰী তথ্য অনুসৰি দেশত সক্ৰিয় ক’ভিদ সংক্ৰমিত ৰোগীৰ সংখ্যা মাত্ৰ ০০০২ শতাংশ। আনহাতে ক’ভিদৰ পৰা আৰোগ্য হোৱা ৰোগীৰ হাৰ ৯৮.৭৯ শতাংশলৈ বৃদ্ধি পাইছে।

Related News