বৰপেটাত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

ajp 123

বৰপেটাত আজি অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷

বৰপেটা তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সভাত অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক জ্যোতি নেওগে দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷

সভাত বিশিষ্ট সাংবাদিক অদীপ ফুকনৰ দাবী কৰে ২১ৰ নিৰ্বাচনত যৌথ আঞ্চলিক শক্তিৰ চৰকাৰ হব ৷

তেওঁ লগতে কয় যে, ২০১৬ ত অগপই যি ১৪ খন আসন পাইছিল সেয়া আঞ্চলিকতাবাদৰহে আসন ৷

২১ ৰ নিৰ্বাচনত এই ১৪ খন আসনৰ পৰা ৬৪ খন আসন হব বুলি ফুকনে দাবী কৰে ৷
সাংবাদিকৰ আগত তেওঁ কয়- “কংগ্ৰেছৰ মহাজোঁটত অন্তৰ্ভূক্ত নহয় অসম জাতীয় পৰিষদ” ৷
২১ ৰ নিৰ্বাচনত সকলো আঞ্চলিক দল একত্ৰিত হব বুলি মন্তব্য কৰে অদীপ ফুকনে ৷