গুৱাহাটীত ভয়ংকৰ গণ সংক্ৰমণ; বতাহত ইজনৰ পৰা সিজনলৈ বিয়পিছে ক’ৰোনা

পূৰ্বৰ ক'ৰোনা ভাইৰাছতকৈ নতুন কৈ অহা ক'ভিড সম্পূৰ্ণ পৃথক বুলি দাবী GMCH ৰ অধীক্ষকৰ

tt

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি হোৱা দেখা পোৱা গৈছে।সমগ্ৰ দেশতে অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ দৰে অসমতো যেন একেই পৰিস্থিতিৰ সন্মুখীন হব লগীয়া নহয় তাৰ পূৰ্বেই সতৰ্কবাণী দিলে জি এম চি এইছৰ অধ্যক্ষ অভিজিত শৰ্মাই।

সাংবাদিকৰ আগত শৰ্মাই মন্তব্য কৰি কয় ” এই ভাইৰাছ বতাহৰ যোগেদি অহাৰ বাবে সোনকালে মানুহৰ মাজত বিয়পি পৰিছে। ৰাজহুৱা স্থানত বিনা কাৰণত ঘূৰি ফুৰাটো সংকটজনক।”

গুৱাহাটীত একটিভ কেছ আছে ১০০০ আৰু ৪০ খন বেদ খালি হৈ আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় “ৰেলৱে ষ্টেচনৰ পৰা এজনো পজিটিভ ওলোৱা নাই।বিমান বন্দৰৰ পৰা ৫৫ জন ধৰা পৰিছে।মহানগৰীৰ ভিতৰতে ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হৈছে ।”

পূৰ্বৰ ক’ৰোনা ভাইৰাছতকৈ নতুন কৈ অহা ক’ভিড সম্পূৰ্ণ পৃথক বুলি দাবী কৰে GMCH ৰ অধীক্ষকগৰাকীয়ে।

তেওঁ জনসাধাৰণক উদ্দেশ্যি আৰু কয়”ক’ভিড ভেকচিন লবলৈ অহা লোকসকলে নিজৰ সময় মিলাই ৪,৫ বজালৈকে আহিবলৈ ৰৈ থাকে কিন্তু তাৰ ফলত  ভেকচিন দিয়া চিকিৎসক সকলৰ বাবে অসুবিধা আহি পৰে, কাৰণ তেওঁলোকৰ তেতিয়া ভেকচিন দিয়াৰ সময় শেষ হৈ যায়।”