পঞ্চাছ সহস্ৰাধিকৰ জন গৰ্জনত মুখৰিত সোণোৱালৰ গৃহ চহৰ

আছুৰ আহ্বানত কা-ৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ চৌকীদিঙি খেলপথাৰত সমবেত হাজাৰ হাজাৰ লোক

Massive anti-CAA protest in CM Sonowal's hometown Dibrugarh

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় ৫০ হাজাৰ জনতাৰ নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী “গৰ্জন”এ মঙলবাৰে কঁপাই তুলিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়।

ছাত্ৰ সন্থাৰ আহ্বানত চহৰখনৰ চৌকীদিঙি খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰে। গামোচা আৰু “জয় আই অসম” শ্ল’গানেৰে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সকলো লোকে কা-ৰ বিৰোধিতা কৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ভূতপূৰ্ব সাংসদ নগেন শইকীয়াই প্ৰতিবাদত অংশ লৈ অসমৰ কা-সমৰ্থনকাৰী জনপ্ৰতিনিধিসকলক প্ৰশ্ন কৰে, তেওঁলোকে আচলতে কাক প্ৰতিনিধিত্ব কৰে– অসমৰ ৰাইজক নে দিল্লীক?

“অসমৰ ৰাজনৈতিক প্ৰতিনিধিসকলে তেওঁলোকৰ মানুহখিনি আৰু সমগ্ৰ অসমীয়া সমাজকে পাহৰি গৈছে। এতিয়া আপোনালোকে অকাৰ্য্যকৰী ৰেহাই (sop) আৰু প্ৰতিশ্ৰুতি আগবঢ়াবলৈ আহিছে,” শইকীয়াই কয়।

কা-বিৰোধী আন্দোলনৰ মাজতে সোণোৱাল চৰকাৰে আগবঢ়োৱা অসমীয়াক “ৰাজ্যিক ভাষা” কৰাৰ দৰে অনুমোদনকো শইকীয়াই টান সমালোচনা কৰে আৰু কয়, চৰকাৰে অসমক বিভাজিত কৰিছে।

কিন্তু, অসমৰ ৰাইজে কা-বিৰোধিতাৰ যোগেদি তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিছে বুলি শইকীয়াই মন্তব্য কৰে।

ইফালে, আছুৰ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় চৰকাৰখনে অসমৰ ৰাইজক ঠগিলে।

“মোগলে ১৭বাৰ অসম আক্ৰমণ কৰিছিল কিন্তু আমাক পৰাজিত কৰিব পৰা নাছিল। অসমৰ খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰূপে বাস নকৰে। ৰাইজ সৰৱ হৈছে আৰু বৃহৎ সংখ্যাত ওলাই আহিছে,” গগৈয়ে কয়।

গগৈয়ে কয় যে অসমৰ মানুহৰ সন্মতি নোহোৱাকৈ কেন্দ্ৰীয় চৰকাৰে জোৰকৈ আইনখন জাপি দিছে।

তেওঁ অসমক “বিভাজিত” কৰিব খোজাসকলক পৰাজিত কৰাৰ বাবেও ৰাইজক আহ্বান জনায়।

“অসমক বিভাজিত কৰিব খোজা শক্তিক হৰুৱাবৰ বাবে আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। কা বাতিল নোহোৱা পৰ্য্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব,” তেওঁ কয়।