NORTHEAST NOW (Assamese)

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

May 19, 2022 1:14 pm · নীলমণি শৰ্মা ,কৃষ্ণাই

বানৰ তাণ্ডৱৰ মাজতে কৃষ্ণাই নৈৰ খহনীয়াই এতিয়া শংকিত কৰি তুলিছে স্থানীয় ৰাইজক৷

শেহতীয়াকৈ কৃষ্ণাইৰ পশ্চিম দায়ৰং অঞ্চলত কৃষ্ণাই নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷

মেঘালয়ৰ পৰা নামি অহা ঢলে খহালে নৈৰ গড়া ৷ ইতিমধ্যে শ্মশান এখন নৈৰ বুকুত জাহ গৈছে আৰু কৃষ্ণাই-উত্তৰ গাৰোপাহাৰ জিলাৰ সংযোগী গড়কাপ্তানি পথটোলৈও ভাবুকি৷ নৈখনৰ পৰা মাত্ৰ ৪/৫ মিটাৰ দূৰত্বত আছে পথটো ৷

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে কেইবাটাও বিদ্যুতৰ খুঁটা ৷ মাত্ৰ এক ফুট নিলগত আছে পকী বিদ্যুতৰ খুঁটা৷

যিকোনো মূহূৰ্ততে বিপদ আহিব পাৰে পশ্চিম দায়ৰং গাঁৱখনলৈ ৷

দুদিন পূৰ্বে মেঘালয়ৰ পৰা নামি অহা পানীয়ে নৈখনৰ পাৰ খহাই লৈ যোৱাৰ পিছতে এতিয়া চপৰা-চপৰে খহিবলৈ ধৰিছে গড়া ৷

অতি সোনকালে এই গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে যিকোনো মূহূৰ্ততে নৈৰ বুকুত জাহ যাব মেঘালয় সংযোগী পকী পথটো। জেঠমহীয়া বান-খহনীয়াই আতংকিত কৰি তুলিছে ৰাইজক ।

Related News