NORTHEAST NOW (Assamese)

গুৱাহাটী পানবজাৰস্থিত হোটেল ৰিয়েল্টোত বিধ্বংসী অগ্নিকাণ্ড

December 1, 2018 2:24 pm · কল্পজ্যোতি শইকীয়া

গুবাহাটী মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। আজি দিনৰ প্ৰায় ১২:৩০ বজাত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে হোটেলখনৰ পাকঘৰৰ পৰা অগ্নিকাণ্ডৰ জুইৰ সূত্ৰপাত ঘটে। উল্লেখযোগ্য যে উক্ত জুইত পাকঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে নিমিষতে জুইৰ ধোঁৱাই আৱৰি ধৰে পানবজাৰ অঞ্চলটো।

অৱশ্যে অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টা চলাই চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে যদিও অগ্নিকাণ্ডৰ জুইত লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ যোৱাৰ সন্দেহ কৰা হৈছে।

একাংশই শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে যদিও অগ্নিকাণ্ডৰ প্ৰকৃত কৰাণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

Related News