দিপাৱলীৰ বিপৰ্যয় : ফটকাৰ জুয়ে পুৰি ছাই কৰিলে ঔষধৰ কাৰাখানা

Massive Fire At Chennai Pharma Unit

আজি দেশজুৰি উলহ-মালহেৰে পালন কৰা হৈছে কালী পূজা তথা পোহৰৰ উৎসৱ দিপাৱলী। দেশৰ সচেতন জণগণ তথা প্ৰকৃতিপ্ৰেমী দল সংগঠনে ৰাইজক আতচবাজীবিহিন দিপাৱলী পালন কৰিবলৈ বাৰম্বাৰ আাহ্বান জনাই আহিছে যদিও একাংশ নাগৰিকে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই পাশৱিকভাবে আতচবাজী বিস্ফোৰণ কৰি দিপাৱলী পালন কৰা পৰিলক্ষিত হৈছে।

প্ৰতিবছৰেই এনেধৰণৰ কাণ্ডহীন কাৰবাৰৰ বাবেই উৎসৱৰ দিনা ভাৰতৰ বিভিন্ন প্ৰান্তৰত না না অনাহূত ঘটনা ঘটি আহিছে। দিপাৱলীৰ আনন্দই যদি কেতিয়াবা কাৰোবাৰ চকুৰ দৃষ্টি কাঢ়িছে, কেতিয়াবা আকৌ প্ৰাণ লৈছে। আকৌ কেতিয়াবা পুৰি নিঃশেষ কৰিছে মূল্যৱান সম্পত্তি।

যোৱাবেলিও অসমত যোৰহাটৰ কেইজনমান উদ্যোগী যুৱকে সংস্থাপনৰ বাবে খুলি লোৱা শ্লোগান নামৰ ৰেস্তোঁৰাখন জ্বলি ছাই হৈ যোৱাৰ লগতে আন কেইবাটাও অগ্নিকাণ্ডৰ কথা ৰাইজে এতিয়াও পাহৰা নাই।

দিপাৱলীৰ এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে সোমবাৰে দিনত চেন্নাইৰ তামিলনাদুৰ অশোক নগৰ অঞ্চলৰ এটা ঔষধৰ কাৰাখানা অগ্নিদগ্ধ হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাঘন্টাজোৰা প্ৰচেষ্টাৰ ফলত এই বিধ্বংসী জুই নুমুৱাবলৈ সক্ষম হয় যদিও কাৰাখানাটো প্ৰায় সম্পূৰ্ণভাবে জ্বলি শেষ হৈ যায় আৰু কেইবা কোটি টকাৰ সম্পত্তি জুইত জাহ যায়।

প্ৰাথমিক তদন্ত অনুসৰি দিপাৱলীৰ আতচবাজীৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিছে।

ইয়াৰ উপৰিও দেওবাৰৰ নিশা আতচবাজীৰ পৰা ওলোৱা স্ফুলিংগৰ ফলতেই মুম্বাইত এ টু জেড ইণ্ডাষ্ট্ৰিয়েল এষ্টেট’ৰ এটি কাৰাখানা ভস্মীভূত হয়। কেৱল এয়াই নহয়, সোমবাৰে অৰুণাচল প্ৰদেশৰ নাহৰলগুণ অঞ্চলতো এটি বস্তিত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড।