চামগুৰি তিনি আলিত বিধ্বংসী অগ্নিকাণ্ড : কেবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

index

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিত দেওবাৰে নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হয়।

জানিব পৰা মতে চামগুৰি তিনি আলিত অৱস্থিত দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এখনত প্ৰথমে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

পিছত কাষৰ আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি পৰাত স্থানীয় লোকৰ মাজত হুৱাদুৱা লাগে।

পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী আৰু চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

ইফালে অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ব্যৱসায়িক সা-সামগ্ৰী জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

আনহাতে অগ্নিকাণ্ড ঘটা ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন সাগৰ মুক্তিয়াৰৰ হাৰ্ডওৱেৰ, চন্দন দাসৰ বাইকৰ সামগ্ৰীৰ দোকান বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।