NORTHEAST NOW (Assamese)

কলগাছিয়াৰ বজাৰত অগ্নিকাণ্ড, ৫০ লাখৰো অধিক সম্পত্তি ভস্মীভূত

September 27, 2023 1:30 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: September 27, 2023 1:36 pm

২৭ ছেপ্টেম্বৰ বুধবাৰে পুৱতি নিশা অসমৰ বৰপেটা জিলাৰ কলগাছিয়াৰ এখন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে কলগাছিয়াৰ ইষ্ট মাৰ্কেটত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান জুই ভস্মীভূত হৈছে।

ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাষতে লাগি থকা কোব্বাদ আলী নামৰ লোকৰ বাসগৃহটো অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক খবৰ অনুসৰি এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ৫০-৬০ লাখ টকাৰ সা-সম্পত্তি জাহ যায়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে কলগাছিয়াৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় আৰু অগ্নিনিৰ্বাপক বাহিনী আৰু জনসাধাৰণৰ তৎপৰতাত  জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

অৱশ্যে বজাৰখনৰ ওচৰত থকা আন শ শ ব্যৱসায়িক প্ৰতিষ্ঠান কোনো ক্ষয় ক্ষতি হোৱা নাই।

স্থানীয় লোকৰ সন্দেহৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হয়।

Related News