‘কেব’ৰ বিৰুদ্ধে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ শিৱসাগৰত সৰ্বাত্মক

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায় শিৱসাগৰত।

পুৱাই বন্ধৰ সমৰ্থকসকল ওলাই আহি  শিৱসাগৰ চহৰৰ বিভিন্ন স্থানৰ লগতে চহৰৰ উপকুণ্ঠ অঞ্চলত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

“কেব আমি নামানো, বিজেপি গ’ বেক,  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্নবানন্দ সোণোৱাল মুৰ্দাবাদ”আদি প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে শিৱসাগৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

আনহাতে কেবৰ বিৰুদ্ধে আহ্বান জনোৱা অসম বন্ধ আৰু উত্তৰপূৰ্বাঞ্চল বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন  আগবঢ়ায় শিৱসাগৰৰ ব্যৱসায়ী সন্থায়ো। আজিৰে পৰা শিৱসাগৰৰ সকলো দোকান-পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্ত বন্ধভাৱে বন্ধ থাকিব।

ইফালে বন্ধৰ সময়ত শিৱসাগৰৰ ৰাজপথত যানবাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা গ’ল। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ অৱস্থানত জনশূন্য দেখিবলৈ পোৱা গ’ল।