ট্ৰেড য়ুনিয়নে আহ্বান জনোৱা “ভাৰত বন্ধ”ৰ প্ৰভাৱ শিৱসাগৰত সৰ্বাত্মক

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ লগতে শ্ৰম আইন সংশোধনৰ বিৰোধিতা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাষ্ট্ৰীয় ট্ৰেড য়ুনিয়ন সমূহে ৮ জানুৱাৰীত আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰভাৱ শিৱসাগৰত সৰ্বাত্মক।

ধৰ্মঘট কাৰ্যসূচী সফল কৰাৰ স্বাৰ্থত শিৱসাগৰত ট্ৰেড য়ুনিয়নৰ কৰ্মী সকলে পুৱাৰ ভাগত ব্যাপক প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয়। চৰকাৰে বিভিন্ন জনবিৰোধী নীতিৰে যি ফেচিষ্ট শাসন চলাই “কা” আদিৰ লগতে বিভিন্ন জনবিৰোধী নীতি দেশবাসীৰ ওপৰত জাপি দিছে তাৰ বিৰোধিতাৰে আহ্বান জনোৱা এই বন্ধৰ সমৰ্থনত য়ুনিয়নৰ কৰ্মীসকলে শিৱসাগৰৰ বিভিন্ন পথত আজি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

দেশৰ বেংক সমূহৰ লগতে বহু সংগঠনে সমৰ্থন আগবঢ়োৱা এই বন্ধৰ ফলত শিৱসাগৰত অ’ এন জি চিকে ধৰি সকলো ধৰণৰ উদ্যোগ, কল-কাৰখানা, পৰিবহণ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰা পৰিলক্ষিত হয়।

আনহাতে আজি ট্ৰেড য়ুনিয়নৰ দেশজোৰা ধৰ্মঘটলৈ ডাক বিভাগেও সহযোগিতা আগবঢ়ায়।

বিজেপি চৰকাৰে দেশৰ অৰ্থনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা বিফলতাসমূহ লুকুৱাই ৰখাৰ স্বাৰ্থত বিভিন্ন জনবিৰোধী নীতি গ্ৰহণ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বিৰোধিতা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ট্ৰেড য়ুনিয়ন সমূহে দেশজুৰি আহ্বান জনোৱা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই ৰাষ্ট্ৰীয় ডাক কৰ্মচাৰী ফেডাৰেচনে ।

লগতে ডাক কৰ্মচাৰী ফেডাৰেচনৰ শিৱসাগৰ জিলা সমিতিয়েও দিনজোৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰে বলবৎ কৰা সকলো জনবিৰোধী নীতিৰ লগতে অসমত “কা” বাতিল কৰি আন্ত:ৰাজ্যিক পাৰ-পত্ৰৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।