প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি (এনৰেগা) প্ৰকল্পটো আৰম্ভ কৰা হৈছিল যাতে গ্ৰাম্যাঞ্চলৰ লোকে বছৰত কমেও ১০০ দিন কামৰ সুবিধা লাভ কৰে।
অভিযোগ অনুসৰি ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা ১০০ দিনৰ কামৰ সন্দৰ্ভত বিভিন্ন অজুহাত দেখুৱাই অহিছে। তিনি বছৰতকৈও অধিক সময় ধৰি বংগত এই প্ৰকল্পৰ কাম স্তব্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ কৰিছে।
এইবাৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজৰ সংসদীয় স্থায়ী সমিতিয়ে এই সন্দৰ্ভত কেন্দ্ৰলৈ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছে। কমিটীৰ মুৰব্বী তথা কংগ্ৰেছৰ সাংসদ সপ্তগিৰি শংকৰ উলাকাই কয় যে‘এশ দিনীয়া কাম সন্দৰ্ভত পলম হোৱাৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। এইবোৰৰ অনুসন্ধানৰ বাবে এটা স্বতন্ত্ৰ সংস্থাক দায়িত্ব প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে। ইয়াৰ দ্বাৰা প্ৰকল্পটোৰ অভাৱৰ বিষয়ে জানিব পৰাই নহয়, কেনেধৰণৰ নীতি প্ৰণয়ন কৰিব লাগিব সেই কথাও জানিব পৰা যাব।
শেহতীয়াকৈ সমাপ্ত হোৱা বাজেট অধিবেশনত এই সন্দৰ্ভত স্থায়ী সমিতিয়ে আগঢ়োৱা প্ৰস্তাৱত, কমিটীখনে কৰ্মদিনৰ সংখ্যা ১০০ৰ পৰা ১৫০ দিনলৈ বৃদ্ধি কৰিব লাগে বুলি উল্লেখ কৰে। কাৰণ সমগ্ৰ দেশতে সকলো বস্তুৰ দাম বাঢ়িছে, গ্ৰাম্য অৰ্থনীতি ক্ৰমান্বয়ে সংকটত পৰিছে। গতিকে গ্ৰামাঞ্চলৰ লোকৰ সুবিধাৰ্থে এই প্ৰকল্পৰ দিনৰ সংখ্যা ১৫০ দিনলৈ বৃদ্ধি কৰিব লাগে। এই সমিতিখনে শ্ৰমিকৰ নূন্যতম মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰাৰ সপক্ষে ভোটদান কৰে।
উল্লেখ্য যে বহুক্ষেত্ৰত সময়মতে কাম সম্পূৰ্ণ কৰিও ধন নোপোৱাৰ অভিযোগ উত্থাপন হয়। ফলত এশ দিনৰ চাকৰিৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ চাকৰিৰ ফালে ঢাল খাইছে বুলিও অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত সঠিক তদন্ত কৰা আৰু অভিযোগ সত্য প্ৰমাণিত হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শও প্ৰদান কৰিছে স্থায়ী সমিতিয়ে।