প্ৰচলিত ধাৰণা ভুল! সৌৰজগতত বৃহস্পতিতকৈয়ো ১০গুণ ডাঙৰ গ্ৰহ দেখি বিস্মিত বিজ্ঞানী

WhatsApp Image 2021-12-10 at 12.52.09 PM

গ্ৰহ-নক্ষত্ৰৰ মাজৰ দূৰত্ব তথা আকৰ্ষণক কেন্দ্ৰ কৰি প্ৰচলিত ধাৰণা ভুল প্ৰমানিত হ’ল। বি চেন্টাৰই নক্ষত্ৰৰ চাৰিওপিনে প্ৰদক্ষিণ কৰা এক গ্ৰহৰ সন্ধান লাভ কৰি বিজ্ঞানীসকল বিস্মিত হৈ পৰিছে।

বিজ্ঞানীসকলে অতি গুৰুত্বসহকাৰে লৈছে এই নতুন আৱিস্কাৰক। কিয়নো তেওঁলোকৰ ধাৰণা এনেধৰণৰ বৃহৎ কোনো নক্ষত্ৰৰ চাৰিওপিনে গ্ৰহৰ প্ৰদক্ষিণ সম্পৰ্কত থকা সকলো চিন্তা-চৰ্চা নতুন দৃষ্টিৰ চোৱাৰ সময় আহি পৰিছে।

৩২৫ আলোকবৰ্ষ দূৰত অৱস্থিত বি চেন্টাৰই নক্ষত্ৰ। আকাশত খালী চকুৰে ইয়াক দেখা পোৱা যায়। এই নক্ষত্ৰৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি থকা এটা গ্ৰহ প্ৰত্যক্ষ কৰি বিস্মিত হৈ পৰিছে বিজ্ঞানীসকল।

Also Read: Big Land Scam: ভূমি কেলেংকাৰী; নিজৰ চাৰ্টিফিকেট নিজেই দিলে মুখ্যমন্ত্ৰীয়ে

এই গ্ৰহটো বৃহস্পতিতকৈ ১০ গুণ ডাঙৰ। দৰাচলতে ডেৰ কোটি বছৰ বয়সীয়া বি চেন্টাৰই সূৰ্যতকৈ প্ৰায় ৬ গুণ ডাঙৰ। সূৰ্যতকৈয়ো ইয়াৰ উষ্ণতা ৩ গুণ অধিক।

 ইয়াৰ অধিক উত্তাপৰ বাবেই এনে নক্ষত্ৰসমূহে নিৰৱিচ্ছিন্নভাৱে অত্যাধিক পৰিমানৰ অতি বেগুণীয়া ৰশ্মি তথা এক্সৰে প্ৰতিসৰণ কৰে। ফলত ইয়াৰ চাৰিওপাশে কোনো গ্ৰহৰ বাবে তিকি থকাটো কঠিন বুলি অনুমান কৰা হয়।

‘মেক্স প্লাংক ইনষ্টিটিউট ফৰ অষ্ট্ৰ’নমি’ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে এনেধৰণৰ নক্ষত্ৰৰ ধ্বংসাত্মক তথা বিপদজনক চৰিত্ৰৰ বাবে ইয়াৰ চৌপাশে বৃহদাকাৰৰ গ্ৰহৰ অস্তিত্ব থকাটোৱেই অসম্ভৱ। সেয়ে, এই নতুন আৱিস্কাৰে শিহৰিত কৰি তুলিছে বিজ্ঞানীসকলক।

Also Read:ইউৰোপ-ছৌদি আৰৱৰ পৰা অসমলৈ অহা ৫বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

বাতৰি অনুসৰি, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ সৈতে সূৰ্যৰ যি দূৰত্ব তাতকৈয়ো ১০০গুণ অধিক দূৰত্ব বি চেন্টাৰই নক্ষত্ৰৰ সৈতে এই নৱ আৱিস্কৃত গ্ৰহৰ।

বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে বিগত ১০ বছৰত এনে বহু ধাৰণাৰ সলনি হৈছে। ইয়াৰ ফলত জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হোৱাৰ সম্ভাৱনা আছে।