ত্ৰিপুৰাৰ পিছত মণিপুৰত প্ৰতিবাদীক আক্ৰমণ আৰক্ষীৰ, সমগ্ৰ উত্তৰ-পূবত বিধেয়কৰ জুই

massive-protest-against-citizenship-bill-in-imphal

ইম্ফলত শুকুৰবাৰৰ প্ৰতিবাদ। ছবি- Indian Expressৰ।

সমগ্ৰ উত্তৰ-পূবত বনজুইৰ দৰে বিয়পিছে নাগৰিকত্ব বিধেয়কবিৰোধী জুই আৰু বিজেপিক উত্তৰ-পূবত প্ৰথমবাৰলৈ ক্ষমতাৰ সোৱাদ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যুৱচামেই শেহতীয়াকৈ ধাৰাৱাহিক আক্ৰমণৰ বলি হৈছে গেৰুৱা দলটোৰ শাসনত।

বিজেপি শাসিত ত্ৰিপুৰাত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূব বন্ধত খিলঞ্জীয়া প্ৰতিবাদী ত্ৰিপুৰী আৰক্ষীৰ বৰ্বৰ গুলীচালনাৰ বলি হোৱাৰ পিছত একেই বিষয়ত প্ৰতিবাদ কৰিবলৈ গৈ শুকুৰবাৰে মণিপুৰত আহত হৈছে ৪ গৰাকীকৈ আন্দোলনকাৰী।

লগতে পঢ়ক– ত্ৰিপুৰাত আবদ্ধ সমুজ্জ্বল ভট্টাচাৰ্য্যসহ নেছ’ৰ দল

অসমকে ধৰি উত্তৰ-পূবত ব্যাপক গণ প্ৰতিৰোধৰ সন্মুখীন হোৱা বিধেয়কখনৰ বিৰুদ্ধে ইম্ফলত ওলাই অহা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নিক্ষেপ কৰা কন্দুৱা গেছ শ্বে’ল লাগি আহত হৈছে লোককেইজন।

ইম্ফলৰ বিখ্যাত খোৱাইৰেম্বেন্দ মহিলা-পৰিচালিত বজাৰৰ ব্যৱসায়ীসকলো ওলাই অহাত শান্তিপূৰ্ণ প্ৰতিবাদেই বিষম হৈ পৰে আৰক্ষীৰ বাবে।

মণিপুৰৰ ৬ টাকৈ ছাত্ৰ সংগঠন আমছু (All Manipur Students Union), দেচাম (Democratic Students Alliance of Manipur), এম এচ এফ (Manipur Students Federation), কে এচ এফ (Kangleipak Students Federation), এচ ইউ কে (Students Union Kangleipak) আৰু এইমছ (Apunba Irreipakki Maheiroising Singpanglup)এ ঐক্যবদ্ধভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল।