বিধেয়কৰ বিৰোধিতাৰে শ্বিলঙত বিশাল প্ৰতিবাদী সমাৱেশ

rally-750x375

শ্বিলঙত বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বিশাল সমাৱেশ। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে শ্বিলঙত মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰৰ পৰা অহা বিপুল সংখ্যক লোকে এখন গণ সমাৱেশত সমস্বৰে প্ৰতিবাদত মুখৰ হৈ পৰে। সমাৱেশত মেঘালয় গণতান্ত্ৰিক মৰ্চা (এমডিএ) চৰকাৰক অনপ্ৰৱেশৰ সমস্যা ৰোধ কৰিবলৈ শীঘ্ৰেই আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে আহ্বান জনোৱা হয়।

উক্ত গণ সমাৱেশত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দকে ধৰি ৪০,০০০ তকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰে।

জইঅ’ৰ ষ্টুডেন্টছ ফিল্ডত অনুষ্ঠিত সমাৱেশখনৰ আয়োজন কৰে কনফেডাৰেশ্যন অৱ হাইনিউট্ৰেপ ছচিয়েল অ’ৰ্গেনাইজেশ্যন (চিঅ’এইচএছঅ’)ৰ অধীনত একত্ৰিত হোৱা ১৪ টা সংগঠনে।

সমাৱেশত খাচী পাহাৰ স্বায়ত্ত শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এইচ এছ শ্বিলাই মেঘালয়ৰ এনপিপি নেতৃত্বাধীন এমডিএ চৰকাৰখনক আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়নৰ সম্পৰ্কিত এটা নিয়মকে ধৰি পৰিষদে গৃহীত কৰা বিধেয়ক গ্ৰহণ নকৰাৰ বাবে সমালোচনা কৰে।

শ্বিলাই ঘোষণা কৰে যে তেওঁ নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি)পৰা পদত্যাগ কৰিছে আৰু চৰকাৰক আন্ত:ৰাজ্যিক পাৰপত্ৰ ৰূপায়নৰ লগতে পৰিষদে গৃহীত কৰা সকলো বিধেয়কত মেঘালয়ৰ ৰাজ্যপালৰ অনুমোদন ল’বলৈ এসপ্তাহ সময় বান্ধি দিয়ে।

চিঅ’এইচএছঅ’ৰ অধ্যক্ষ ৰবাৰ্টজুনে খাৰজাহৰিনেও সমাৱেশত হাজাৰ হাজাৰ জনতাৰ সমন্বিত ধ্বনিৰ মাজতে ‘’নাগৰিকত্ব বিধেয়ক নহ’ব, আন্ত:ৰাজ্যিক পাৰপত্ৰ লাগে’(no CAB, yes ILP) প্ৰস্তাৱ ঘোষণা কৰে।

শ্বিলাই কয় যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নাগৰিকত্ব বিধেয়ক গৃহীত কৰিবলৈ আকোঁৰগোজ হৈ থকালৈ চাই খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ একমাত্ৰ উপায় হৈছে আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন।

যুনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্টৰ (য়ুডিপি) নেতা  তথা প্ৰাক্তন মন্ত্ৰী পল লিংডোৱেও কয় যে যদি এনডিএ চৰকাৰে বিধেয়কখন গৃহীত কৰে, তেতিয়াহ’লে এই বিষয়টো ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰি আন্তৰ্জাতিক পৰ্যায়লৈ লৈ যোৱা উচিত হ’ব।

বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে একে সুৰে সমাৱেশত নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী তথা বহিৰাগতৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা ৰূপায়নৰ দাবী তোলে।