চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত, এজনৰ অৱস্থা সংকটজনক

Dryday_top-image-866x487-1140x570

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ ৰৌমাৰী পাখৰিতল নামৰ অঞ্চলটোত  ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত  সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু ঘটাৰ লগতে আন এজন লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে।

এখন  মটৰ চাইকেলৰ সৈতে TN -34,W 2535 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ  খুন্দা লগাৰ ফলতে বাইক আৰোহী মকবুল হুছেইন আৰু মুছা শেষ নামৰ দুজন যুৱক গুৰুতৰ ভাবে আঘাতপ্রাপ্ত হয় ।

ততাতৈয়াকৈ  মকবুলক সংকটজনক অৱস্থাত বঙাইগাঁও লৈ প্ৰেৰণ কৰা হ্য় যদিও এখন ব্যক্তিগত নাৰ্চিংহোমত মকবুল হুছেইনৰ  মৃত্যু ঘটে।

আনহাতে মুছা শেখ নামৰ যুৱক জনক বৰপেটা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে মুছা শেখৰ দুয়ো খন  ভৰি গুৰুতৰ ভাবে জখম হৈছে ।

এই পথ দুৰ্ঘটনাত চাপৰ চহৰৰ ৰৌমাৰী গাঁৱৰ যুৱক মকবুল হুছেইনৰ অকাল মৃত্যু ঘটাত বৃহত্তৰ চাপৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত  আজি মকবুল হুছেইনৰ মৃতদেহ  চাপৰৰ ৰৌমাৰীলৈ অনা হয় বুলি জানিব পৰা গৈছে ।