চিনেমা নহয়, বাস্তৱ: চকুৰ পচাৰতে তললৈ বহি গ’ল এটি পথ, গাঁতত সোমাল অসংখ্য বাহন, ক’ত?

11699253l

হলিউদৰ কোনো ছবিৰ দৃশ্য নহয়, বাস্তৱত ঘটিল এই শিহৰণকাৰী ঘটনা।

দিনৰ পোহৰতে ব্যস্ত চহৰৰ এটা ৰাজপথৰ বৃহৎ অংশ হঠাতে তললৈ বহি গ’ল আৰু সৃষ্টি হ’ল এটা বিশাল গাঁতৰ।

সেই গাঁতত সোমাই পৰিল অসংখ্য যান-বাহন।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ইটালীৰ নেপলছ চহৰত।

শুকুৰবাৰে বিয়লি নেপলছ চহৰৰ এখন চিকিৎসালয়ৰ সন্মুখৰ পথ এছোৱা হঠাতে মাটিৰ তললৈ সোমাই যায়।

ফলত তাত ৰখাই থোৱা বহু গাড়ী হঠাতে সৃষ্টি হোৱা বৃহৎ গাঁতটোত সোমাই পৰে।

সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি এতিয়ালৈকে অহা নাই।

নেপলছৰ স্থানীয় প্ৰশাসনৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ক’ৰ’ণা ৰোগীৰ বাবে নিৰ্মাণ কৰা চিকিৎসালয় এখনৰ সন্মুখত থকা পাৰ্কিঙত সংঘটিত হয় এই ঘটনাটো।

পথটোৰ এটা অংশ মাটিৰ তললৈ সোমাই যোৱাৰ ফলত ৫,৪০০ বৰ্গ ফুট আকাৰৰ এটা বৃহৎ গাঁতৰ সৃষ্টি হয়।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দলে যুদ্ধকালিন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

কি কাৰণত পথটোৰ এটা বৃহৎ অংশ এনেদৰে মাটিৰ তললৈ বহি গ’ল সেয়া এতিয়াও সাঁথৰ হৈয়ে ৰৈছে।

পথটোৰ নিৰ্মাণত বিসংগতি ৰৈ যোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি বহুতে সন্দেহ কৰিছে।

ইটালীৰ চৰকাৰে সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

পথটো এনেদৰে বহি যোৱাৰ ফলত কাষৰে কোভিড চিকিৎসালয় খনত পানী আৰু বিদ্যুতৰ যোগান বন্ধ হৈ পৰিছে।

ফলত ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে চিকিৎসাধীন হৈ থকা ৰোগীসকল।