• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা; ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ

"আনন্দ মিশ্ৰ আৰ এছ এছৰ এজেন্ট; তেওঁ 'কা' আন্দোলনকাৰীক অত্যাচাৰ কৰিছিল"- ৰাইজৰ দলৰ প্ৰতিনিধিৰ গুৰুতৰ অভিযোগ

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
January 25, 2022 8:45 am
164
VIEWS
Share on FacebookShare on Twitter

ছাত্র নেতা কীৰ্তি কমল বৰাক ভূৱা এনকাউন্টাৰৰ বলি কৰা ঘটনাৰ পাছতে এটা নিশাৰ ভিতৰতেই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ হিৰোৰ পৰা জিৰো হৈ পৰিল। ইমান দিনে আৰক্ষী অধীক্ষক গৰাকীৰ কাম কাজত বাহ বাহ দি থকা সকলোৱে এতিয়া জনাইছে ধিক্কাৰ। চৌদিশে গৰিহণাৰ পত্ৰ হৈ পৰিছে আৰক্ষী অধীক্ষক গৰাকী।

মনকৰিবলগীয়া যে এতিয়ালৈকে নগাঁৱত আনন্দ মিশ্ৰ বাহিনীয়ে ১২টাকৈ এনকাউন্টাৰৰ ঘটনা সংঘটিত কৰিছে। ইয়াৰে অধিকাংশ এনকাউন্টাৰেই ভূৱা আছিল বুলি সৰ্বত্ৰ এতিয়া চৰ্চা চলিছে। প্ৰতিটো এনকাউন্টাৰৰ তদন্ত হোৱাৰ দাবীও উঠিছে।

লগতে পঢ়ক: ৰৌতাৰ সৰ্বহেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই চালক, আহত আন দুজন

ইয়াৰ মাজতে ছাত্ৰ নেতা কীৰ্তি কমল বৰাক ভূৱা এনকাউন্টাৰৰ বলি কৰা ঘটনাৰ বাবে দেওবাৰৰ দিনটো বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত নগাঁও চহৰ উত্তাল হৈ পৰাৰ পাছত সোমবাৰেও নগাঁৱৰ ক্ল’ক টাৱাৰৰ সমীপত নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আইন মহাবিদ্যালয়ৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে বহু সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলৰ এটাই দাবী আনন্দ মিশ্রক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাৰ্ড লৈ আনন্দ মিশ্ৰ হাই হাই, নগাঁও আৰক্ষী মুৰ্দাবাদ, দোষী আৰক্ষী প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে উত্তপ্ত কৰি তোলে নগাঁও চহৰ।

উক্ত প্ৰতিবাদত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমত মুক্ত হত্যা চলিছে।‘ মুক্ত হত্যাৰ আখৰা আৰম্ভ হৈছে আৰু ইয়াক অতি সোনকালে বন্ধ কৰিবলৈ চৰকাৰক হুংকাৰ প্ৰদান কৰে। কীৰ্তি কমল বৰাৰ হৈ কেৱল ছাত্ৰ সমাজেই নহয় সকলো অসমৰ ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় লুৰিনে।

চৰকাৰৰ  বিৰোধ হোৱাৰ বাবে মোকো কেতিয়াবা আৰক্ষীয়ে গুলী কৰিব পাৰে বুলি মন্তব্য কৰাৰ লগতে আৰক্ষী অধীক্ষক আনন্দ মিশ্রক নিলম্বন কৰাৰো দাবী তোলে লুৰীণ জ্যোতি গগৈয়ে।

লগতে পঢ়ক: লিডুত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ; প্ৰকৃত তথ্য বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত

ইপিনে, কালি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, নুৰুল হুদাৰ পিছত সোমবাৰে ছাত্ৰ নেতা জনৰ বাসগৃহত আহি উপস্থিত হয় ৰাইজৰ দলৰ প্ৰতিনিধি কমল মেধি আৰু ভাস্ক ডি শইকীয়া।

ভাস্ক ডি শ‌ইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰি/পাঁচ মহীয়া কাৰ্যকালত অসমত ৯৮ টা এনকাউণ্টাৰত ৩১ জন ব্যক্তিৰ মৃত্যু হৈছে। কীৰ্তি কমল বৰাক ভুৱা এনকাউণ্টাৰ কৰা হ’ল।‘

কীৰ্তি কমলক যাতে কোনোৱে লগ ধৰিব নোৱাৰে সেইবাবে ক’ভিড আক্ৰান্ত বুলি মিছা কথা কৈ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাই থোৱা হৈছে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, কমল মেধিয়ে কয় যে আনন্দ মিশ্ৰ এজন আৰ এছ এছৰ এজেন্ট। আনন্দ মিশ্ৰ চৰাইদেও জিলাত আৰক্ষী অধীক্ষক হৈ থকা সময়ত তেওঁ ‘কা’ আন্দোলনকাৰীক অত্যাচাৰ কৰিছিল। ঘৰত সোমাই আন্দোলনকাৰীক মাৰপিট কৰিছিল বুলিও গুৰুতৰ অভিযোগ কৰে  কমল মেধিয়ে।

লগতে পঢ়ক: হেলিকপ্তাৰেৰে কোকৰাঝাৰলৈ বিয়া খাবলৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছে। অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু আৰ/ডব্লিউ/ ধাৰা২১(এ)/২৯ এনডিপিএছ আইনৰ অধীনত ১৩০/২২ নম্বৰত ৰুজু হৈছে এই গোচৰটো।

ইপিনে, প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কীৰ্তিৰ পিতৃ নীলকমল বৰাই। এই গোচৰৰ সমুহৰ তদন্ত কোন দিশে গতি কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

Recent News

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd