• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত পুৱতি নিশা প্ৰৱল বেগেৰে অহা ঘূৰ্ণী বতাহ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত বহুতো গাঁও

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 6, 2019 5:23 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

 

ৰাজ্যজুৰি ফেনিৰ আতংকত জনসাধাৰণ সষ্টম হৈ থকাৰ সময়ত  প্ৰবল ঘূৰ্ণীবতাহ আৰু শিলাবৃষ্টিয়ে কোবাই থৈ গ’ল কোকৰাঝাৰ জিলাৰ  বিভিন্ন অঞ্চল।

দেওবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলগুৰী,  টুৰিবাৰী, প’ডবিল, অন্টায়বাৰী, নাইগাঁও বাটাবাৰী, উত্তৰ আফ্লা আদি গাঁও সমূহৰ উপৰিও  তিতাগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং আৰু ২ নং মিষ্টাবাৰী, গুৱাবাৰী, উত্তৰ মাউৰিগাঁও, ছিজৌগুৰি, বুটিয়াবিল, ১২ নং কাচিবাৰী, ছুলযোৰা, চিলিগুৰী আদি গাঁওসমূহ তথা বৃহৎ অঞ্চলত  ক্ষতিসাধন হয়।

প্ৰচণ্ড ধুমুহা আৰু ঘূৰ্ণী বতাহৰ ফলত বৃহৎ বৃহৎ গছ উভালি পৰাত বেলগুৰী, পডমবিল আৰু আফ্লাগাও, মিষ্টাবাৰী গাঁওত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

আনহাতে, আফ্লাগাউ  মাধ্যমিক  বিদ্যালয়কে ধৰি বৃহৎ অঞ্চলটোৰ  প্ৰায় কেইবা শতাধিক পৰিয়াল ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয়।

তদুপৰি, আটিয়াবাৰী গাঁওত প্ৰকাণ্ড গছ উভালি পৰাত মিৰু কিষ্কু( ৪৫) আৰু ছুপল হাস্দা (৫০),  নামৰ দুগৰাকী ব্যক্তি গুৰুতৰভাবে আহত হয়।  ঘূৰ্ণী বতাহৰ প্ৰকোপ ইমানেই বেছি আছিল যে মানুহৰ বাহগৃহৰ টিনপাত, ঘৰৰ খুটা পৰ্যন্ত উৰুৱাই নিয়ে। চৌদিশে বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতৰ তাৰপৰিবাহী খূটাসমূহ ভাঙি পৰাৰ লগতে বিদ্যুৎ সযোগ সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।

উল্লেখযোগ্য যে, মিষ্টাবাৰী গাওঁৰ এগৰাকী নিবনুৱা যুৱক ছৌমদৌন নাৰ্জাৰীয়ে আৰ্থিক স্বাৱলম্বি হোৱাৰ সপোনেৰে ৰোপন কৰা ৰবৰৰ বাগানখনো ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

আজি ৰাতিপুৱা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গাঁওসমূহ পৰিদৰ্শন কৰে বি টি এ ডি দোতমা সমষ্টিৰ পৰিষদৰ সদস্য জৌমৈ আৱাৰীয়ে। আৱাৰীয়ে অঞ্চলটোৰ ধ্বংসহোৱা বিদ্যালয় গৃহ, মানুহৰ বাসগৃহ পুনৰ নিৰ্মানৰ বাবে আৰু ক্ষতিগ্ৰস্তহোৱা লোকসকলক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd