প্ৰথমবাৰ দেখি হয়টো আপোনাৰো লাগিব এইটো তেনেই এটা মামুলি অংক। পিছে দেখাত স্কুলীয়া যেন লগা এই অংকটোৱে এতিয়া ইণ্টাৰনেটত লগাইছে তোলপাৰ।
যোৱা সোমবাৰে টুইটাৰত এজন লোকে প’ষ্ট কৰা উক্ত সমিকৰণটো এতিয়া অনলাইন ভাইৰেল হৈ পৰাৰ লগতে লাভ কৰিছে হাজাৰ হাজাৰ লাইক আৰু কমেণ্টছ।
কিন্তু আটাইতকৈ আমোদজনক কথাটো হৈছে যে অংকটোৰ শুদ্ধ উত্তৰক লৈ কোনো মান্তি হ’ব পৰা নাই।
আপুনি পাৰিবনে বাৰু ইয়াক সমাধান কৰিব? চাওকচোন এবাৰ :
oomfies solve this pic.twitter.com/0RO5zTJjKk
— ❦ (@pjmdolI) July 28, 2019
পাৰিলেনে? কি আহিল আপোনাৰ উত্তৰ? নে বহুতৰ দৰে আপুনিও ভাবি আছে কোনটো শুদ্ধ- ১৬ নে ১?
কিন্তু কিয় এই খেলিমেলি? কিয় এটা শুদ্ধ উত্তৰত মান্তি হ’ব পৰা নাই টুইটাৰটিসকল? চাওক কোনে কি উত্তৰ পাইছে :
https://twitter.com/jimnlvr/status/1155598358507134976
(2+2) 4
8/2(4)
According to PEMDAS you need to get rid of parathenses first so
2(4)=8
8/8=1 answer is one.— mari (@luvminguk90) July 28, 2019
i have 2 math degrees it’s 1
— laur (@genericversion) July 30, 2019
it’s 16 and if you say otherwise start packing your clown shoes 🤡
— karla⁷ (@svhobi) July 29, 2019
আনহাতে এজনৰ মতে উত্তৰটো নিৰ্ভৰ কৰিব আপুনি কোনজন গণিতজ্ঞ কথা শুনে তাৰ ওপৰত :
https://twitter.com/NomeDaBarbarian/status/1156351630813495296
সাধাৰণভাৱে ক’বলৈ গ’লে উত্তৰটো নিৰ্ভৰ কৰে আপোনাক স্কুলত কোনটো পদ্ধতিত শিকোৱা হৈছিল, বদমাছ (BODMAS) নে পেমদাছ (PEMDAS)।
BODMAS (ব্ৰেকেট, অৰ্ডাৰ, হৰণ, পূৰণ, যোগ, বিয়োগ) পদ্ধতিত কৰিলে আপোনাৰ উত্তৰ ওলাব ১৬।
ইয়াৰ বিপৰীতে যদিহে আপুনি PEMDAS ( পেৰেনথেছিচ বা সৰু বন্ধনি, এক্সপোনেণ্টছ বা ঘাত, পূৰণ, হৰণ, যোগ, বিয়োগ) পদ্ধতি ব্যৱহাৰ কৰে আপোনাৰ উত্তৰ হ’ব ১।
https://twitter.com/pug_galactic/status/1156663371170816003
এতিয়া আপুনিও এবাৰ কৰি চাওক অংকটো। অ’ পিছে কমেণ্টত আপোনাৰ উত্তৰটো জনাবলৈ আমাক নাপাহৰিব!