NORTHEAST NOW (Assamese)

বঙাইগাঁৱত মাতৃ বন্দনা সপ্তাহৰ সামৰণি

September 26, 2021 8:18 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শেহতীয়াকৈ সমাজ কল্যাণ বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱা শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা আৰু অংগনৱাড়ী কৰ্মীসকলক উপায়ুক্তগৰাকীয়ে প্ৰশংসা পত্ৰ প্ৰদান কৰে।

উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই ভাষণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখন জিলাখনত সফলভাৱে ৰূপায়ণ কৰিবলৈ জিলা প্ৰশাসনে সদায় সহযোগিতা আগবঢ়াই যাব।

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ এইবছৰৰ বিষয় হ’ল -‘সুৰক্ষিত জননী, বিকশিত ধৰণী’ ৷

উল্লেখ্য যে পোষণ অভিযানৰ খণ্ড সমন্বয়ক সংগীতা দাসে উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াৰ কথামতে অংকন কৰা ‘শিশুৰ সৈতে মাতৃ’ৰ ফটো এখন উপায়ুক্তগৰাকীয়ে সভাত উন্মোচন কৰে ৷

অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বঙাইগাঁও জিলাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক কৌশিকা লহকৰে।

Related News