• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় এদিনীয়াত জয়েৰে পৰাজয়ৰ ব্যৱধান হ্ৰাস কৰিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2021 7:27 pm
India's record run chase ends Australia's winning streak
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি সামৰণি পৰা এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত সান্ত্বনাৰ জয় লাভ কৰিছে।

এই জয়েৰে ভাৰতে অষ্ট্ৰেলিয়া মহিলা দলৰ ক্ৰমাগত ২৬ খন খেলত জয়ৰ ধাৰা ভংগ কৰে।

খেলখনত পোনতে বেটিং কৰি অষ্ট্ৰেলিয়া দলে নিৰ্ধাৰিত ৫০ অভাৰত ন উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ কৰে। আক্ৰমণাত্মত বেটিঙেৰে দললৈ সৰ্বাধিক ৬৭ ৰানৰ বৰঙণি আগবঢ়াই গাৰ্ডনাৰে। তেওঁলৈ যোগ্য সহযোগিতা আগবঢ়াই মুনীয়ে ৫২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। দললৈ তাহলিয়া মেকগ্ৰাথে ৪৭ আৰু অপেনাৰ হিলীয়ে ৩৫ ৰানৰ মূল্যৱান অৱদান আগবঢ়াই।

Apply Now

ভাৰতীয় দলৰ হৈ ঝুলন গোস্বামী আৰু পূজা ভাস্ত্ৰকাৰে তিনিটাকৈ উইকেট লাভ কৰে।

আনহাতে ২৬৫ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা ভাৰতীয় দলৰ আৰম্ভণি আছিল যথেষ্ট সফল। শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই প্ৰথম উইকেটৰ যুটিত ৫৯ ৰান সংগ্ৰহ কৰে।

২২ ৰান সংগ্ৰহ কৰি মান্ধানাই বিদায় লোৱাৰ পাছত ক্ৰীজলৈ অহা য়াস্তিকা ভাটিয়াই শেফালীৰ সৈতে ইনিংছ আগবঢ়াই নিয়ে। দুয়োৱে দ্বিতীয় উইকেটত ১০১ ৰানৰ যুটি বান্ধে। ভাটিয়াই সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শেফালী বাৰ্মাই ৫৬ ৰানৰ ইনিংছ খেলে।

অৱশ্যে ইয়াৰ পিছত বেটিং কৰিবলৈ অহা ৰিছা ঘোষ, অধিনায়ক মিতালী ৰাজ আৰু পূজা ভাস্ত্ৰকাৰ ক্ৰীজত অধিক সময় নিটিকিল।

অৱশ্যে দিপ্তী শৰ্মা আৰু স্নেহ ৰানাই খৰতকীয়াকৈ ক্ৰমে ৩১ আৰু ৩০ ৰান সংগ্ৰহ কৰি দলৰ বিজয় সহজ কৰি তোলে।

ভাৰতীয় দলে ৩ টা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। ঝুলন গোস্বামীয়ে ৮ ৰান মেঘনা সিঙে ২ ৰানত অপৰাজিত থাকে।

মিতব্যয়ী বলিঙেৰে ১০ অভাৰত মাত্ৰ ৩৭ ৰান খৰচ কৰি ৩ টা উইকেট দখল কৰা ঝুলন গোস্বামী মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

অৱশ্যে এই জয়ৰ পাছতো ভাৰতীয় দল শৃংখলাত ২-১ ব্যৱধানত পৰাস্ত হয়। শৃংখলাৰ প্ৰথম দুখন খেলত অষ্ট্ৰেলিয়া দলে ভাৰতীয় দলক পৰাস্ত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd