অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে আজি সামৰণি পৰা এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত সান্ত্বনাৰ জয় লাভ কৰিছে।
এই জয়েৰে ভাৰতে অষ্ট্ৰেলিয়া মহিলা দলৰ ক্ৰমাগত ২৬ খন খেলত জয়ৰ ধাৰা ভংগ কৰে।
খেলখনত পোনতে বেটিং কৰি অষ্ট্ৰেলিয়া দলে নিৰ্ধাৰিত ৫০ অভাৰত ন উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ কৰে। আক্ৰমণাত্মত বেটিঙেৰে দললৈ সৰ্বাধিক ৬৭ ৰানৰ বৰঙণি আগবঢ়াই গাৰ্ডনাৰে। তেওঁলৈ যোগ্য সহযোগিতা আগবঢ়াই মুনীয়ে ৫২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। দললৈ তাহলিয়া মেকগ্ৰাথে ৪৭ আৰু অপেনাৰ হিলীয়ে ৩৫ ৰানৰ মূল্যৱান অৱদান আগবঢ়াই।
ভাৰতীয় দলৰ হৈ ঝুলন গোস্বামী আৰু পূজা ভাস্ত্ৰকাৰে তিনিটাকৈ উইকেট লাভ কৰে।
আনহাতে ২৬৫ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা ভাৰতীয় দলৰ আৰম্ভণি আছিল যথেষ্ট সফল। শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই প্ৰথম উইকেটৰ যুটিত ৫৯ ৰান সংগ্ৰহ কৰে।
২২ ৰান সংগ্ৰহ কৰি মান্ধানাই বিদায় লোৱাৰ পাছত ক্ৰীজলৈ অহা য়াস্তিকা ভাটিয়াই শেফালীৰ সৈতে ইনিংছ আগবঢ়াই নিয়ে। দুয়োৱে দ্বিতীয় উইকেটত ১০১ ৰানৰ যুটি বান্ধে। ভাটিয়াই সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শেফালী বাৰ্মাই ৫৬ ৰানৰ ইনিংছ খেলে।
অৱশ্যে ইয়াৰ পিছত বেটিং কৰিবলৈ অহা ৰিছা ঘোষ, অধিনায়ক মিতালী ৰাজ আৰু পূজা ভাস্ত্ৰকাৰ ক্ৰীজত অধিক সময় নিটিকিল।
অৱশ্যে দিপ্তী শৰ্মা আৰু স্নেহ ৰানাই খৰতকীয়াকৈ ক্ৰমে ৩১ আৰু ৩০ ৰান সংগ্ৰহ কৰি দলৰ বিজয় সহজ কৰি তোলে।
ভাৰতীয় দলে ৩ টা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। ঝুলন গোস্বামীয়ে ৮ ৰান মেঘনা সিঙে ২ ৰানত অপৰাজিত থাকে।
মিতব্যয়ী বলিঙেৰে ১০ অভাৰত মাত্ৰ ৩৭ ৰান খৰচ কৰি ৩ টা উইকেট দখল কৰা ঝুলন গোস্বামী মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।
অৱশ্যে এই জয়ৰ পাছতো ভাৰতীয় দল শৃংখলাত ২-১ ব্যৱধানত পৰাস্ত হয়। শৃংখলাৰ প্ৰথম দুখন খেলত অষ্ট্ৰেলিয়া দলে ভাৰতীয় দলক পৰাস্ত কৰিছিল।