কিয় বৰপেটাৰ মেট্ৰিক পৰীক্ষাৰ্থী গৰাকীয়ে বাচি ল’লে আত্মহননৰ পথ?
আত্মহত্যা কৰা পৰীক্ষাৰ্থী লিপিকা পাৰবীন। ফাইল ফটো
চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কৃত বৰপেটাৰ এগৰাকী ছাত্ৰীয়ে আত্মহননৰ পথ বাছি লয়৷
উল্লেখ্য যে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিপিকা পাৰবিন নামৰ পৰীক্ষাৰ্থী গৰাকীক বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত আৰবী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত নিৰীক্ষকে বহিস্কাৰ কৰিছিল ৷
এই ঘটনাত মানসিকভাবে ভাঙি পৰি এদিন পিছতে পৰীক্ষাৰ্থী গৰাকীয়ে বিষাক্ত ঔষধ সেৱন কৰে ৷
পৰিয়ালৰ লোকে লগে লগে পৰীক্ষাৰ্থী গৰাকীক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷
উন্নত চিকিৎসাৰ বাবে গুৱাহাটীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত পৰীক্ষাৰ্থী গৰাকীক ভৰ্তি কৰায় যদিও শেষ নিশ্বাস ত্যাগ কৰে ৷
এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷