• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 8:59 pm
155
VIEWS
Share on FacebookShare on Twitter

জীৱনৰ সংগী নথকা অৱস্থাত বহু পুৰুষৰ হস্তমৈথুন বা স্বমেহনৰ অভ্যাস থাকে যদিও বহু পুৰুষে সংগী পোৱাৰ পিছত এই অভ্যাসটো পৰিত্যাগ কৰে। কিন্তু সংগীৰ হেঁচাতেই হওক বা ৰুচি সলনিৰ বাবেই হওক, যদিহে এই দীৰ্ঘদিনীয়া অভ্যাসটো হঠাতে বন্ধ হয়, তেন্তে যিকোনো মুহূৰ্ততে হতাশাই পুৰুষক আগুৰি ধৰিব পাৰে। গৱেষণায়ো তেনেকৈয়ে কয়।

পুৰুষক হস্তমৈথুনৰ নিচাৰ পৰা আঁতৰি আহিবলৈ বহুতো সংস্থাই অনলাইনত ইতিবাচক পৰামৰ্শ আগবঢ়ায়। কিন্তু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কয় যে যদি আপুনি এই অভ্যাসটো হঠাতে বন্ধ কৰি দিয়ে তেন্তে কেৱল ভাগৰেই নহয়, বিভিন্ন শাৰীৰিক সমস্যাও হ’ব পাৰে।

অধ্যয়নত অংশগ্ৰহণ কৰা ৫৮৭ জন পুৰুষৰ সকলোৱে গৱেষকসকলৰ কথাত একমত প্ৰকাশ কৰে। তেওঁলোকে কয় যে হঠাৎ হস্তমৈথুনৰ পুৰণি অভ্যাস এৰি দিয়াৰ পিছত তেওঁলোকৰ মন বেয়া লাগে। বহুতে আকৌ আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। আনকি, কিছুমানৰ আত্মহত্যাৰ প্ৰৱণতাও দেখা গৈছে গৱেষণাটোত। কেৱল সেয়াই নহয়, পিছলৈ তেওঁলোকে লিংগ শিথিলতাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কৰা আন এক অধ্যয়ন অনুসৰি মাহত কমেও ২১ বাৰ হস্তমৈথুন কৰা পুৰুষে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

চিকিৎসকৰ মতে, কেৱল পুৰুষেই নহয়, মহিলাসকলেও মাজে মাজে স্বমেহনৰ অভ্যাস কৰি দৈনন্দিন ভাগৰ আৰু ক্লান্তিৰ উপশম ঘটাব লাগে। কাৰণ, স্বমেহন কৰিলে দুটা আনন্দবৰ্ধক হৰম’ন ‘অক্সিট’চিন’ আৰু ‘এণ্ড’ৰ্ফিন’ৰ নিঃসৰণ বৃদ্ধি পায়। এই দুই হৰম’নে মানসিক চাপমুক্ত কৰি ৰখাত সহায় কৰে।

কিন্তু কেৱল মানসিক ৰোগেই নহয়, এই অভ্যাস কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈও সক্ষম। কিন্তু এই অধ্যয়নত মাহত কিমানবাৰ স্বমেহন কৰিব লাগে তাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই। অৱশ্যে অত্যধিক স্বমেহনেও মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটাব পাৰিব বুলি বিভিন্ন গৱেষণাই কয়।

Recent News

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd