মুছলমান সমাজক বিকাশৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান মৌলানা ছোহাইব কাছিমীৰ

bjp-flag-uniquetimes-in

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

চলিত লোকসভা নিৰ্বাচনত মুছলমান সমাজক বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে আৰ এছ এছৰ ভাতৃ সংগঠন জামাত ই উলেমা এ হিন্দে। শুকুৰবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত জামাত ই উলেমা এ হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা ছোহাইব কাছিমীয়ে অংশগ্ৰহণ কৰি কয় যে নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সম্প্ৰদায় ভিত্তিক কোনোধৰণৰ কাম কৰা নাই।

কাছিমীয়ে কয় যে মোডীয়ে ধৰ্ম নিৰ্বিশেষে হিন্দু-মুছলমান সকলোৰে বাবে সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত কাম কৰি আহিছে আৰু এই নীতিৰ বাবেই দেশ আজি বিকাশৰ পথত আগবাঢ়িছে।

সংবাদমেলত কাছিমীয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছেহে বিভাজনৰ ৰাজনীতি কৰি আহিছে আৰু কংগ্ৰেছৰ ৰাজনীতিৰ ফলত দেশৰ লগতে অসমৰ মুছলমান সমাজ বহুত পিছুৱাই গৈছে। কংগ্ৰেছৰ দিনত দেশত দুমাহৰ মুৰে মুৰে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল।

আনহাতে, বিজেপি চৰকাৰে লোৱা কোনো আঁচনিয়ে ধৰ্মৰ ভিত্তিত গ্ৰহণ কৰা নাই সকলোবোৰ আঁচনি দেশৰ নাগৰিকসকলৰ বাবেহে গ্ৰহণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে, সংবাদমেলখনত জামাত ই উলেমা এ হিন্দৰ ৰাজ্যিক সভাপতি আলহাজ আব্দুল জলিল খান, সাধাৰণ সম্পাদক আতাউৰ ৰহমান ৰাছিমীয়েও অংশগ্ৰহণ কৰে।

অসমত ইতিমধ্যে ছয় শতাধিক মৌলানাই বিজেপিৰ হৈ মুছলমান সমাজত নিৰ্বাচনী প্ৰচাৰ চলাই আছে বুলিও সংবাদমেলখনত উল্লেখ কৰা হয়।