“কৰ্মচাৰীৰে প্ৰেম নিষিদ্ধ নীতি”ত চাকৰি গ’ল McDonald-ৰ মুখ্য কাৰ্য্যবাহীৰ

কৰ্মচাৰীৰ সৈতে "বছ"-এ প্ৰেম কৰা উচিত নে? ভাৰত তথা অসমৰ প্ৰতিষ্ঠানবোৰত আছে নে স্পষ্ট নীতি?

Steve Easterbrook

মেকড’নাল্ডৰ বিদায়ী চি ই অ’ (মুখ্য কাৰ্য্যবাহী বিষয়া) ষ্টীভ ইয়েষ্টাৰব্ৰুক। ফটোৰ উৎস : টুইটাৰ।

অসমৰ দৰে বিশ্বৰ বিভিন্ন কোণৰ সৰু সৰু অঞ্চললৈও সম্প্ৰসাৰিত হোৱা ফাষ্ট ফুডৰ বিয়াগোম কোম্পানি মেকড’নাল্ডৰ চি ই অ’ (মুখ্য কাৰ্য্যবাহী বিষয়া) ষ্টীভ ইয়েষ্টাৰব্ৰুকে চাকৰি হেৰুৱাইছে মহিলা কৰ্মচাৰীৰ সৈতে ৰখা সম্পৰ্কৰ বাবে।

বিশ্বজুৰি জাল থকা আমেৰিকাৰ বিশ্বখ্যাত কোম্পানিটোৰ ব’ৰ্ডে ১ নৱেম্বৰত ইয়েষ্টাৰব্ৰুকক বিদায় দিয়াৰ সপক্ষে ভোট দিয়ে, যিটো ৩ অক্টোবৰত ৰাজহুৱা কৰা হয়।

মহিলা কৰ্মচাৰীগৰাকীৰ সৈতে ব্ৰিটিছ মূলৰ চি ই অ’জনৰ সম্পৰ্ক সন্মতিপূৰ্বক আছিল বুলি বি বি চিয়ে দিয়া বাতৰিটোত প্ৰকাশ। ৫২ বছৰীয়া ইয়েষ্টাৰব্ৰুক এজন বিবাহ বিচ্ছেদিত লোক আৰু তেওঁ তিনিটা সন্তানৰো পিতৃ।

ব’ৰ্ডৰ সিদ্ধান্তটোৰ পিছতে তেওঁ কোম্পানিটোৰ ষ্টাফলৈ প্ৰেৰণ কৰা ইমেইলত “সম্পৰ্ক”টো স্বীকাৰ কৰে আৰু ইয়াক এটা “ভুল” বুলি মানি লয়।

“এইটো এটা ভুল আছিল। ব’ৰ্ডৰ সৈতে মই সহমত পোষণ কৰিছো”, কোম্পানিৰ নীতি উলংঘা কৰা বুলি স্বীকাৰ কৰি ইয়েষ্টাৰব্ৰুকৰ মন্তব্য।

ইয়েষ্টাৰব্ৰুক কোম্পানিটোত ২০১৫ চনত মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্ত হৈছিল। তেওঁৰ দিনত মেকড’নাল্ডে দোপতদোপে উন্নতি কৰিছিল আৰু তেওঁৰ দৰমহাও আছিল অকল্পনীয়ভাৱে উচ্চ।

ইয়েষ্টাৰব্ৰুকৰ ঠাইত এতিয়া ৫২ বছৰীয়া আমেৰিকান ক্ৰিছ কেম্পজিন্সকি (Chris Kempczinski) কোম্পানিটোৰ নতুন চি ই অ’ হ’ব।

উল্লেখযোগ্য যে মেকড’নাল্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ বৃহৎ কোম্পানিয়ে নিবিড়তা-বিৰোধী নীতি (anti-fraternization policy) গ্ৰহণ কৰে। এই নীতিত ওপৰৱালাই তলৰ কৰ্মচাৰীৰ সৈতে প্ৰণয়জনিত সম্পৰ্ক বা তেনেকুৱা ধৰণৰ নিবিড়তা ৰক্ষা কৰিব নোৱাৰে।

সাধাৰণতে সকলো মেনেজাৰৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য। ইয়াৰ ফলত কৰ্মচাৰীগৰাকীয়ে পদোন্নতিকে ধৰি আন আন সুবিধাৰ ক্ষেত্ৰত অনুগ্ৰহ আদায়ৰ সুযোগ নাথাকে বা ওপৰৱালায়ো কৰ্মচাৰীৰ প্ৰতি প্ৰতিশোধমূলক দৃষ্টি ল’ব নোৱাৰে। কোম্পানিত কৰ্মচাৰীসকলৰ সমতা, নিৰপেক্ষতা নিশ্চিত কৰাতো এই নীতিয়ে সহায় কৰে। এই কোম্পানিবোৰৰ প্ৰায়বোৰেই বিবাহিত দম্পতীৰ দুয়োজনকে নিয়োগ নকৰাৰ নীতিও লয়।

যোৱা বছৰ আন এটা বিশ্বখ্যাত কোম্পানি ইনটেলে (চিপ উৎপাদনকৰ্তা কোম্পানি) ইয়াৰ মুখ্য কাৰ্য্যবাহী ব্ৰায়ান ক্ৰানিকক (Brian Krzanich) পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল। ৫৮ বছৰীয়া ব্ৰায়ানৰ সম্পৰ্কটো তেতিয়া অতীত হৈছিল যদিও পলমকৈ ঘটনাটোৰ বিষয়ে অৱগত হোৱা কোম্পানিটোৱে কোম্পানিৰ নীতিৰ ক্ষেত্ৰত কঠোৰতা প্ৰদৰ্শন কৰে। ২০১১ চনত এই নীতি গ্ৰহণ কৰাৰ পূৰ্বে কোম্পানিটোৰ পূৰ্বৰ চি ই অ’ৰ লগতে সহ-প্ৰতিষ্ঠাপক এজনেও কৰ্মচাৰীক বিয়া কৰাইছিল।

ভাৰত তথা অসমৰ ঔদ্যোগিক প্ৰতিষ্ঠানবোৰত এতিয়াও এই নীতিৰ বহুল প্ৰচলন হোৱা নাই। ঔদ্যোগিক প্ৰতিষ্ঠানবোৰৰ এই সম্পৰ্কীয় স্পষ্ট নীতি নথকা বাবে ইয়াত বহুতো সুযোগ দিয়া আৰু লোৱাৰ ঘটনা দেখা যায়।

বাতৰিটোৰ শেষত বি বি চিয়ে পাঠকলৈ এলানি প্ৰশ্ন আগ বঢ়াই দিছে, যাৰ মাজৰ এটা হ’ল- “কৰ্মক্ষেত্ৰত প্ৰণয়জনিত সম্পৰ্ক নিষেধ কৰাটো উচিত বুলি আপুনি ভাবেনে?”

প্ৰশ্নটো গুৰুত্বপূৰ্ণ আৰু মতভিন্নতাৰ যথেষ্ট অৱকাশ আছে। কিন্তু প্ৰশ্নটো গুৰুত্বপূৰ্ণ।