কলিয়াবৰত উলহ মালহৰে আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মেফি পালন

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো উলহ মালহৰে পালন কৰা হয় আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মেফি।

সদৌ তাই আহোম ছাত্ৰ সন্থা, আহোম ৰয়েল ছচাইটি আৰু তাই আহোম পুৰাতাত্বিক সম্পদ সংৰক্ষণ সমিতিৰ উদ্যোগত কলিয়াবৰৰ শিলঘাটৰ শ্যামলা গড়ত দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মেফি পালন কৰে শিলঘাট তথা কলিয়াবৰৰ আহোম সম্প্ৰদায়ৰ লোকসকলে।

মে-ডাম মেফিৰ লগত সংগতি ৰাখি পৰম্পৰাগত পূজা অৰ্চনাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, খেল-ধেমালি আদিৰো আয়োজন কৰা হয়। এই উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়।