• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড আৰু গৰ্ভৱতী মহিলা

নতুন দিল্লীৰ লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজৰ অ’বষ্টেট্ৰিকছ এণ্ড গাইন’কল’জি বিভাগৰ সঞ্চালক, অধ্যাপক তথা মুৰব্বী ডঃ মঞ্জু পুৰীয়ে দিয়া উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2021 8:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১.গৰ্ভাৱস্থাই কোভিড ১৯ সংক্ৰমণৰ পৰিস্থিতিত গুৰুতৰ যত্নৰ প্ৰয়োজন বৃদ্ধি কৰিছে নেকি?

যদি গুৰুতৰ হয়, কোভিড-১৯য়ে গৰ্ভাৱস্থাৰ সময়ত বহুতো জটিলতা আনিব পাৰে, বিশেষকৈ যেতিয়া সংক্ৰমণ শেষৰ ত্ৰৈমাসিকত ঘটে।এয়া হয় কিছুমান গৰ্ভাৱস্থা-সম্বন্ধীয় শাৰীৰিক পৰিৱৰ্তন আৰু বৰ্ধিত জৰায়ুৰ দৰে পৰিৱৰ্তনৰ বাবে যি গৰ্ভৱতী মহিলাসকলৰ মধ্যচ্ছেদাত হেঁচা দিয়ে যাৰ ফলত অক্সিজেন স্তৰৰ হ্ৰাসৰ সৈতে যুঁজাৰ ক্ষমতা কমি আহে। এনে জটিলতাৰ বাবে অতিৰিক্ত যত্নৰ প্ৰয়োজন বৃদ্ধি হয়।

২.কোভিড-১৯য়ে গুৰুতৰ অসুস্থতা আৰু মৃত্যুৰ এক বর্ধিত শংকা প্ৰদান কৰে নেকি গৰ্ভৱতী মহিলাসকলৰ বাবে?

হয়, গৰ্ভাৱস্থাত সৃষ্টি হ’ব পৰা জটিলতা মাতৃ আৰু শিশু দুয়োৰে বাবে মাৰাত্মক হ’ব পাৰে।

৩.ভ্ৰূণ আৰু নৱজাতকৰ ওপৰত কোভিড-১৯ৰ কি প্ৰভাৱ থাকিব পাৰে?

যদি মাতৃ এগৰাকীৰ উচ্চ জ্বৰ বা হাইপক্সিয়া থাকে, অৰ্থাৎ তেজত অক্সিজেন স্তৰৰ হ্ৰাস, তেন্তে অকাল জন্মৰ উচ্চ সম্ভাৱনা থাকে। আৰু যেতিয়া অকাল জন্ম হয়, শিশু এটাই বহুতো স্বাস্থ্য সমস্যাৰ সন্মুখীন হ’ব পাৰে – যদি হাঁওফাঁও সম্পূৰ্ণৰূপে বিকাশ নহয়, তেন্তে শ্বসনৰ সমস্যা হ’ব পাৰে; কেতিয়াবা এনে শিশুসকলে মুখেৰে খাদ্য গ্ৰহণ কৰিব নোৱাৰে; মগজত ৰক্তক্ষৰণৰ সম্ভাৱনা থাকে, আদি।

দ্বিতীয়তে, গৰ্ভৱতী মাতৃসকলৰ ওপৰত কোভিড-১৯ৰ কিছুমান পৰোক্ষ প্ৰভাৱ থাকে। উদাহৰণস্বৰূপে, যদি তেওঁ চিকিৎসালয়ৰ পৰা কোভিড আক্ৰান্ত হোৱাৰ ভয়ত বা পৰিবহনৰ অ-উপলব্ধিৰ বাবে চিকিৎসা গ্ৰহণত পলম হয়, বা চিকিৎসালয়ত যত্নপ্ৰাপ্তিত পলম হয় কাৰণ সেয়া এক কোভিড যত্নকেন্দ্ৰ নহয় তেন্তে ইয়াৰ প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে মাতৃ আৰু শিশু দুয়োৰে ওপৰত।

৪.গৰ্ভৱতী ৰোগীসকলক ম’ন’ক্ল’নেল এণ্টিবডি এক চিকিৎসাবিকল্প হিচাপে ব্যৱহাৰ কৰিব লাগেনে?

যিকোনো প্ৰকাৰৰ চিকিৎসা যি উল্লেখিত, প্ৰমাণ-ভিত্তিক আৰু মাতৃক ৰক্ষা কৰাৰ বাবে গুৰুত্বপূৰ্ণ, সংযত কৰিব নালাগে। সুবিধাবোৰ শংকাতকৈ অধিক হ’ব লাগে। ম’ন’ক্ল’নেল এণ্টিবডি মানুষিক ভিত্তিত প্ৰদান কৰিব পৰা যায়।

কোভিড ১৯সংক্ৰমণ সন্দেহ বা নিশ্চিত হোৱা গৰ্ভৱতী বা প্ৰসৱোত্তৰ মহিলা সকলৰ ক্ষেত্ৰত কিদৰে থ্ৰম্ব’প্ৰফাইলেক্সিছৰ পৰিচালন কৰিব লাগে।

গৰ্ভাৱস্থা এক অৱস্থা যি মহিলা এগৰাকীক থ্ৰম্ব’ছিছৰ প্ৰতি অসুৰক্ষিত কৰে আৰু কোভিড-১৯য়ে ও থ্ৰম্ব’ছিছৰ প্ৰতি অসুৰক্ষিত কৰে। অলক্ষণীয় গৰ্ভৱতী মহিলাসকলৰ বাবে যাৰ মৃদু কোভিড থ্ৰম্ব’প্ৰফাইলেক্সিছৰ আছে, কোনো চিকিৎসা উল্লেখ কৰা হোৱা নাই।এয়া সকলো কোভিড-ধনাত্মক গৰ্ভৱতী মহিলা আৰু কেৱল জন্মদানৰ বাবে ভৰ্তি হোৱাসকলৰ এক নিয়মীয়া চিকিৎসা হিচাপে দিয়া নহয়।কিন্তু, যদি গৰ্ভাৱস্থাৰ সময়ত, মধ্যমৰ পৰা গুৰুতৰ কোভিড থাকে, তেন্তে থ্ৰম্ব’প্ৰফাইলেক্সিছ চিকিৎসা কোভিড পৰিচালনৰ এক অংশ হয়।

সাধাৰণ পৰিস্থিতিতো, আমি আমাৰ সকলো ৰোগীৰ পৰীক্ষা কৰোঁ প্ৰসৱপূৰ্ব আৰু প্ৰসৱোত্তৰ সময়ত থ্ৰম্ব’ছিছৰ শংকাৰ বাবে। যদি এগৰাকী মহিলাৰ উচ্চশংকা থাকে থ্ৰম্ব’এম্ব’লিজমৰ, যেনে যিসকল উচ্চ চাপ থকা, ডায়েবেটিক্‌, মেদবহুল, বা সেয়া এক আইভিএফ গৰ্ভধাৰণ, বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন থকা এক গুৰুতৰ সংক্ৰমণ থকা, আমি থ্ৰম্ব’প্ৰফাইলেক্সিছ চিকিৎসাৰ বিবেচনা কৰোঁ। আমি অধিক সাৱধান হ’ব লাগিব কোভিড সংক্ৰমিতগৰ্ভৱতী আৰু প্ৰসৱোত্তৰ মহিলাসকলৰ থ্ৰম্ব’প্ৰফাইলেক্সিছৰ প্ৰয়োজন বিশ্লেষণ কৰাৰ বিষয়ে।

৫.আন প্ৰতিষেধক পৰীক্ষাৰ দৰে, কোভিড-১৯ৰ বাবে মনোনিত প্ৰতিষেধকৰ পৰীক্ষাত গৰ্ভৱতী মহিলাক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। গৰ্ভৱতী মহিলাৰ বাবে টীকাকৰণ নিৰাপদনে?

প্ৰাৰম্ভিকভাৱে, কোনো প্ৰতিষেধক পৰীক্ষাত শিশু আৰু গৰ্ভৱতী মহিলাক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু, এনে কিছুমান মহিলা থাকিব পাৰে যিসকলে পৰীক্ষামূলক প্ৰতিষেধক লৈছিল এয়া নাজানি যে তেওঁলোক গৰ্ভৱতী। মডাৰ্ণা, ফাইজাৰ আৰু জ’নচন এণ্ড জ’নচন প্ৰতিষেধকৰ ক্ষেত্ৰত, তেওঁলোকে এনে মহিলাসকলৰ সৈতে যোগাযোগ কৰি পাইছিল যে প্ৰতিষেধকটোৱে মাতৃ বা শিশুৰ কোনো ক্ষতি কৰা নাছিল। তদুপৰি, বৰ্তমান পৰিস্থিতিত, টীকাকৰণৰ শংকা বনাম সুবিধাত, সুবিধাবোৰ ইয়াৰ সৈতে জড়িত শংকাবোৰতকৈ বহুগুণ অধিক। আৰু লগতে, চৰকাৰে কোভিড-১৯ৰ বিৰুদ্ধেগৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰোৱাৰ সিদ্ধান্ত লৈছে।

৬.গৰ্ভাৱস্থাত, এগৰাকী মহিলাই আনকি সাৱধানতা অৱলম্বন কৰিব লাগে কোভিড প্ৰতিৰোধ কৰিবলৈ?

আমি পৰামৰ্শ দিওঁ যে এ গৰাকী গৰ্ভৱতী মহিলাই নিজৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ঘৰত থকা সময়তো মাস্ক পৰিধান কৰিব লাগে আৰু শাৰীৰিক দূৰত্ব ৰক্ষা কৰিব লাগে। এয়া হৈছে কাৰণ তেওঁ যদিও ঘৰতেই আছে তথাপি কামলৈ যোৱা পৰিয়ালৰ আন সদস্যসকলৰ পৰা সংক্ৰমিত হ’ব পাৰে। সেয়ে, মহিলাগৰাকীয়ে সকলো কোভিড-উপযুক্ত সাৱধানতা অৱলম্বন কৰিব লাগে গৰ্ভাৱস্থা আৰু জন্মদানৰ পিছত নিজকে আৰু নিজৰ শিশুক সংক্ৰমণ আৰু ইয়াৰ সম্বন্ধীয় জটিলতাৰ পৰা ৰক্ষা কৰিবলৈ। বেবিচাৱাৰ (গ’ডভাৰায়ি) আৰু জন্মদানৰ পিছৰ আন সামাজিক অনুষ্ঠান এৰি চলিব লাগে।

৭.কোভিডৰ পৰা জন্ম বিকাৰ ঘটে নেকি?

এয়া জানিবলৈ বিস্তৃত অধ্যয়নৰ প্ৰয়োজন। এতিয়ালৈকে আমাৰ ওচৰত কোনো প্ৰমাণ নাই যে কোভিড সংক্ৰমণৰ বাবে জন্মবিকাৰ ঘটে। কিন্তু আমি পৰীক্ষা কৰা বেছিভাগ তথ্য হৈছে এনে মহিলাসকলৰ পৰা যিসকলে কোভিড-১৯ত আক্ৰান্ত হৈছিল গৰ্ভধাৰণৰ দ্বিতীয় বা তৃতীয় ত্ৰৈমাসিকত। জন্মবিকাৰ সাধাৰণতে ঘটে যদি মাতৃগৰাকীয়ে গৰ্ভধাৰণৰ আৰম্ভণি ভাগত কোনো সংক্ৰমণত আক্ৰান্ত হয়। সেয়ে, এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ অধিক তথ্যৰ প্ৰয়োজন হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd