Meet Kanika Tekriwal: কম বয়সতে বিৰাট সফলতা লাভ কৰা এগৰাকী ভাৰতীয় যুৱতী কণিকা তেকৰিৱাল

কনিকা তেকৰিৱাল।

যি বয়সত একোগৰাকী যুৱক-যুৱতীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ব্যস্ত থাকে অথবা চাকৰি লাভ কৰে, সেই বয়সতে এক ঈৰ্ষণীয় সফলতাৰ অধিকাৰী হৈছে এগৰাকী ভাৰতীয় যুৱতী! ত্ৰিশৰ দেওনা পাৰ কৰি ৩২ বছৰ বয়সতে যুৱতীগৰাকীয়ে ১০ খনকৈ ব্যক্তিগত জেট বিমানৰ স্বত্বাধিকাৰ হৈছে। নাম তেওঁৰ কণিকা তেকৰিৱাল।

এই সফলতা কিন্তু তেওঁ এদিনতে লাভ কৰা নাই। ১০ বছৰ পূৰ্বে মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ এটা ব্যক্তিগত খণ্ডৰ জেট প্লেন সেৱা মুকলি কৰে। কণিকাৰ নেতৃত্বত চলা Jet Set Go Aviation Services Pvt Ltd নামৰ এই সংস্থাটো এতিয়া দেশৰ অন্যতম আগশাৰীৰ জেট প্লেন সেৱা সংস্থা। দেশৰ কেইবাখনো চহৰক ই বায়ুপথেৰে সংযোগ কৰি আহিছে। সংস্থাটোক Uber of the Indian skies অৰ্থাৎ ভাৰতৰ আকাশৰ উবেৰ বাহন বুলিও অভিহিত কৰা হৈ আহিছে।

কনিকা তেকৰিৱাল।

শেহতীয়াকৈ কণিকাই সংবাদ মাধ্যমক জনাইছে যে তেওঁ এই সংস্থাটো প্ৰতিষ্ঠাৰ পূৰ্বে তিনি বছৰজুৰি পৰিকল্পনা কৰি আহিছিল। আনকি মাজতে তেওঁৰ কেঞ্চাৰো ধৰা পৰিছিল। দুৰোৰোগ্য ৰোগবিধৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ২০১২ চনত সংস্থাটো মুকলি কৰা হয়। এইক্ষেত্ৰত তেওঁৰ সহযোগী হিচাপে থাকে বন্ধু সুধীৰ পাৰ্লা।

প্ৰথমাৱস্থাত কণিকাই এই সংস্থাটোত মাত্ৰ ৫,৬০০ টকা বিনিয়োগ কৰিছিল। খুলি লৈছিল এটা এপ। নিজাকৈ নাছিল কোনো বিমানো। সেয়ে অনেকেই তেওঁৰ সপোনক অগ্ৰাহ্য কৰি আহিছিল। উল্লেখ্য যে বিমান খণ্ডত সততে পুৰুষে আধিপত্য বিস্তাৰ কৰি আহিছে। প্ৰথমাৱস্থাত কণিকাইও এই অভিজ্ঞতা লাভ কৰিছিল।

কনিকা তেকৰিৱাল।

এগৰাকী যুৱতী হোৱাৰ বাবেই তেওঁৰ পৰিকল্পনাক বহুতে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছিল। কিন্তু এই সকলো বাধা নেওচি এতিয়া সংস্থাটোৰ নেট ৱৰ্থ হৈছেগৈ ১৫০ কৌটি টকা। নিযুক্তি লাভ কৰিছে ২০০ জনকৈ কৰ্মীয়ে। দিল্লী, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদত সংস্থাটোৰ কাৰ্যালয় স্থাপন কৰা হৈছে।

জানিব পৰা মতে, যোৱা ২০২০ বৰ্ষত সংস্থাটোৱে ১০,০০০ জন যাত্ৰী লাভ কৰিছে। যাত্ৰীসকলৰ বেছিভাগেই দেশৰ ধনাঢ্য লোক। তদুপৰি দেশৰ বিভিন্ন নিৰ্বাচনী ৰেলীতো সংস্থাটোৰ বিমান ব্যৱহাৰ কৰা হৈছে। সংস্থাটোৰ দ্বাৰা ব্যক্তিগত বিমান খণ্ডত থকা আঁসোৱাহসমূহ দূৰ কৰি ইয়াক অত্যাধুনিকৰণত জোৰ দিয়া হয়। মূলতঃ এইধৰণেই কণিকা এগৰাকী সফল উদ্যোগপতি হিচাপে বিবেচিত হৈ পৰিছে।

কনিকা তেকৰিৱাল।

উল্লেখ্য যে দক্ষিণ ভাৰতত শিক্ষাগ্ৰহণ কৰা কণিকাৰ সপোন আছিল এগৰাকী পাইলট হোৱা। এমবিএ ডিগ্ৰী লাভ কৰি পাছলৈ তেওঁ মুম্বাইত অৰ্থনীতি আৰু ডিজাইনিঙৰ ওপৰতো শিক্ষাগ্ৰহণ কৰে। মাৰোৱাৰী পৰিয়ালত জন্ম গ্ৰহণ কৰা কণিকাৰ দেউতাকো ৰিয়েল ইষ্টেটকে বিভিন্নধৰণৰ ব্যৱসায়ৰ স’তে জড়িত আছিল।

নিজৰ অধ্যৱসায়ৰ বাবে কণিকা বিভিন্ন সন্মানেৰেও বিভূষিতা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ফ’ৰ্বছ মেগাজীনৰ ত্ৰিশ বছৰ বয়সৰ তলৰ ত্ৰিশজন শ্ৰেষ্ঠ উদ্যোগপতিৰ তালিকাত স্থান লাভ, বিবিচিয়ে নিৰ্বাচিত কৰা বিশ্বৰ এশগৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত স্থান লাভ ইত্যাদি।