বঙাইগাঁও জিলা বিজেপিৰ সাংগঠনিক সভা, আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি

ভাৰতবৰ্ষ এখন সাংস্কৃতিক ৰাষ্ট্ৰবাদ , পৰম বৈভৱশালী ৰাষ্ট্ৰ । অসমকো এখন পৰম বৈভৱশালী লগতে অধিক শক্তিশালী ৰাজ্য হিচাপে গঢ়া আমাৰ দায়িত্ব ।

এই ভাষ্য ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । শুকুৰবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ এখন সাংগঠনিক সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিজৰ ভাষণত এইদৰে কয় ৷ জিলা বিজেপিৰ সভাপতি হিমানী অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত জিলা বিজেপিৰ সাংগঠনিক সভাখনত দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জিলাখনৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উপস্থিত সকলোকে আত্মনিয়োগ কৰাৰ বাবে আহবান জনায় ৷

সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা বজালী জিলাৰ সহ-প্ৰভাৰী বেনুধৰ নাথ, বঙাইগাঁও জিলাৰ প্ৰভাৰী ব্ৰজ কুমাৰ দাসৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল,মণ্ডলৰ সভাপতি-সভানেত্ৰীসকল, সাধাৰণ সম্পাদক-সাধাৰণ সম্পাদিকাসকল, জিলা মৰ্চাৰ সভাপতি-সভানেত্ৰী সকল,জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য-সদস্যা সকল, জিলাৰ অন্তৰ্গত মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য- সদস্যা সকল, জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পৰিষদীয় সদস্য- সদস্যা, ৰাজ্যিক পৰিষদীয় সদস্য-সদস্যা সকল, জিলাৰ নিকায়, নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ সকল, জিলা পৰিষদ সদস্য-সদস্যা, পঞ্চায়ত সভাপতি- সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য- সদস্যা সকল উপস্থিত থাকে ৷

ইপিনে সভাৰ শেষত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে বিশেষ কাৰ্যসূচীলৈ বজালী, বৰপেটা জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰিছিলো ৷ সংগঠনক অধিক শক্তিশালী কৰাৰ ওপৰত আৰু আগন্তুক যি পৌৰসভা নিৰ্বাচন আহি আছে, এই পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ নিমিত্তে এই তিনিখন জিলাত সংগঠনিক সভা অনুষ্ঠিত হৈছিল আৰু শেষৰখন সভা বঙাইগাঁৱত জিলা বিপেজি কাৰ্যালয়ত অনুষ্ঠিত হৈ গ’ল ৷

সকলো স্তৰৰ কাৰ্যকৰ্তা তথা বিষয়ববীয়াসকলৰ উপস্থিতিত এই সভা অনুষ্ঠিত কৰা হৈছিল বুলি কয় ৷ লগতে আগন্তুক যি পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেই পৌৰসভা নিৰ্বাচনৰ কাৰণে বিজেপি দল এশ শতাংশ প্ৰস্তুত আৰু বঙাইগাঁও জিলা সমিতিও প্ৰস্তুত আৰু তাৰ নিমিত্তে সভাখন অনুষ্ঠিত কৰা হৈছিল বুলি কয়৷