২০২১ চনৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলে বিটিচিৰ ১২ খন বিধানসভা আসনেই দখল কৰিব ।
আগতে আমি বিটিএডি অঞ্চলত সাংগঠিক কাম কাজ কৰাত অসুবিধা হৈছিল কিন্তু এতিয়া ইউপিপিএলৰ সতে মিত্ৰতাৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম ।
জিএচপি হওঁক ,অগপ হওঁক দল ইয়াত সকলোৱে থাকিব , কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ দৰে ভুল আমি নকৰো ।
১০০ খনতকৈ অধিক আসন আমি দখল কৰিব । কংগ্ৰেছ-বিজেপিয়ে ২০-৩০ খন আসনতে সীমাবদ্ধ থাকিব । এই মন্তব্য কৰিছে
অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।
আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ পাগলাবাবা মন্দিৰৰ সন্মুখৰ চিকনাঝাৰ টাইকোনডো জিমনেচিয়াত অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক আৰু সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে উক্ত মন্তব্য কৰে।
বিপিএফ দলৰ সতে কোনো মিত্ৰতা নাই আৰু এই বিষয়ে তেওঁ ব্যাক্তিগতভাৱে গৃহমন্ত্ৰীক অৱগত কৰিছে আৰু গৃহমন্ত্ৰীৰ পৰা সেউজ সংকেত লাভ কৰিছে বুলি দাবী কৰে ৰঞ্জিত দাসে ।
নিৰ্বাচনলৈ সম্ভৱত ৯৪ দিন বাকী আছে আৰু ইয়াৰ পিছত জিলাভিত্তিক কোনো অনুষ্ঠান নহয় তাৰ বিপৰীতে বুথভিত্তিক আৰু সমষ্টিভিত্তিক সভা হে অনুষ্ঠিত হব বুলি দাবী কৰি ৰঞ্জিত দাসে ।
ইউপিপিএলৰ সতে ৰাষ্ট্ৰীয় সমিতিয়ে আলোচনা কৰিব আৰু ইউপিপিএল , জিএচপি আৰু বিজেপিয়ে বিটিআৰৰ ১২ খন আসনেই দখল কৰিব বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ।
ইপিনে সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল অব্যাহত আছে আৰু অহা দহদিনমানৰ ভিতৰতে সিদ্ধান্ত লোৱা হব বুলি সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই।
বিজেপিয়ে তেওঁলোকৰ ৰণকৌশল ঠিক কৰিব আৰু আমি আমাৰ ৰণকৌশল তৈয়াৰ কৰিম বুলি মন্তব্য কৰি সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰমোদ বড়োই মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লবলৈ সময় আছে বুলি মন্তব্য কৰে ।
আনহাতে বিটিচিৰ পূৰ্বৰ চৰকাৰে ২৩০০ কোটিৰ বকেয়া আদায় কৰিবলৈ বাকী আছে আৰু জনতাৰ ধন শোষণ কৰা কোনেও ৰেহাই নাপায় বুলি ঘোষণা কৰে প্ৰমোদ বড়োই ।
১০ ৰ পৰা ১০০ কোটিৰ ঠিকাৰ কামবোৰ নিশ্চিতভাৱে সোশৰীৰে পৰ্যবেক্ষণ কৰা হব আৰু অনিয়ম ধৰা পৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে ।
আনহাতে বিটিচিৰ উপমুখ্য কাৰ্যবাহী গোৱিন্দ বসুমতাৰীয়ে এনডিএফবিৰ পুনৰ সংস্থাপন সোনকালে হব বুলি আশা কৰি এনডিএফবিৰ বিৰুদ্ধে থকা গোচৰসমুহো প্ৰত্যাহাৰ কৰাৰ দাবী জনায় বিটিচিৰ উপমুখ্য কাৰ্যবাহী গোৱিন্দ বসুমতাৰীয়ে ।ইপিনে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১১ বজাত দলীয় পতাকা উত্তোলন কৰে ৰঞ্জিত দাসে ।
আজিৰ অনুষ্ঠানত সাংসদ পল্লব লোচন দাস , সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা , বিধায়ক অশোক সিংঘাল , মন্ত্ৰী ভৱেশ কলিতা সহ বহু দলীয় নেতা -কৰ্মী উপস্থিত থাকে ।