কোভিড-১৯ৰ লগতে সম্ভাৱ্য বানপস্থিতিৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাঁজু থাকিব লাগিব : মুখ্যমন্ত্ৰী

জোনাইত কোভিড-১৯ৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

index.jpgtr

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধেমাজি জিলাৰ জোনাই পৰিদৰ্শন কৰি কোভিড-১৯ৰ যাৱতীয় ব্যৱস্থাৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে লগতে জোনাই আৱৰ্ত্ত ভৱনত জোনাই মহকুমা আৰু ধেমাজি জিলা প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হৈ এই ব্যৱস্থাৱলীসমূহৰ পৰ্যালোচনা কৰে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে সম্ভাৱ্য বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

কোভিড-১৯ প্ৰট’কল ভালদৰে মানি চলি ৰাজ্যখনৰ জনসাধাৰণে এই অতিমাৰী নিয়ন্ত্ৰণৰ দিশত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াই অহাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাজ্যখনত কোভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ দিশত জনসাধাৰণক কোনো কাৰণতে ভীতিগ্ৰস্ত নহ’বলৈও আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আগন্তুক ঈদত উৎসৱমুখৰ পৰিৱেশৰ সলনি নিজৰ গৃহতে নামাজ আদায় কৰাৰ বাবে আহ্বান জনায়।

জোনাইত কোভিড-১৯ৰ বাবে স্থাপন কৰা ৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত স্বাস্থ্যসন্মত খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অবিৰত বিদ্যুৎ যোগানৰ লেখীয়া অত্যাৱশ্যকীয় সেৱাসমূহ অবিৰতভাৱে যোগান ধৰাৰ বাবে ধেমাজি জিলাৰ উপায়ুক্ত আৰু জোনাই মহকুমাৰ মহকুমাধিপতিক নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে এই সামূহিক কোৱাৰেণ্টাইন চেণ্টাৰ সমূহত স্বাস্থ্যসন্মত অস্থায়ী শৌচাগাৰ নিৰ্মাণৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই জটিল সময়ত সমাজৰ জ্যেষ্ঠ নাগৰিকসকলক টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি উৎসাহিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

বৈঠকত উপস্থিত থকা বেংকৰ বিষয়ৱবীয়াসকলক মুখ্যমন্ত্ৰীয়ে জিলাখনত থকা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলক যথাসম্ভৱ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে।

আজিৰ এই পৰ্যালোচনামূলক বৈঠকত সাংসদ তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে ভূৱন পেগু, ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জোনাই মহকুমাৰ মহকুমাধিপতিৰ লগতে অন্যান্য বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসককল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জোনাইৰ মুৰ্কং চেলেক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি ইয়াত উপলব্ধ থকা বিভিন্ন সা-সুবিধাৰ বুজ লয়।