শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী তথা পৰ্যালোচনা সমিতিৰ সভা সম্পন্ন

IMG-20200701-WA0013

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত বুধবাৰে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা পৰ্যায়ৰ সমন্বয়ৰক্ষী তথা পৰ্যালোচনা সমিতিৰ সভা অনুষ্ঠিত হয়।

জিলা উপায়ুক্তই জিলাখনৰ বেংক সমূহৰ লগত উন্নয়ন বিভাগসমূহ যেনে কৃষি, পশুপালন, মীন, উদ্যোগ, গ্ৰামোন্নয়ন আদি বিভাগৰ সমন্বয় বৃদ্ধিৰ দ্বাৰা চৰকাৰী আঁচনি সমূহৰ সুফল যাতে জিলাখনৰ কৃষি আৰু সহযোগী খণ্ড সমূহৰ লগত জড়িত লোকসকলে অধিক ভাৱে লাভান্বিত হ’ব তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।

২০২২ চনলৈ কৃষকৰ উৎপাদন দুগুণে বৃদ্ধি কৰাৰ লক্ষ্যত প্ৰকৃতাৰ্থত উপনীত হ’বলৈ সংশ্লিষ্ট সকলো বিভাগ আৰু বেংকসমূহৰ সহযোগিতা অপৰিহাৰ্য বুলিও তেওঁ মন্তব্য কৰে।

সভাত চলিত বর্ষৰ মাৰ্চ মাহলৈ জিলাখনৰ বেংকসমূহৰ কাম-কাজৰ তিনিমহীয়া পৰ্য্যালোচনা কৰা হয়। পৰ্যালোচনা কালত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ যিকেইখন বেংকৰ ক্ৰেডিট ডিপজিত অনুপাত ন্যূনতম গড়ে ৪০ শতাংশতকৈ কম পৰিলক্ষিত হৈছে, সেইকেইখন বেংকক এই অনুপাত বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ বেংকসমূহৰ যোৱা মাৰ্চ মাহলৈ সামগ্ৰিক ক্ৰেডিট ডিপজিত অনুপাত আছিল ৫৫.৪৭ শতাংশ।

সভাত জিলাখনত ৰূপায়ন হৈ থকা প্ৰধানমন্ত্ৰীৰ নিয়োগ সম্ভাৱনা সৃষ্টি কাৰ্যক্ৰম (পি এম ই জি পি)-ৰ বিষয়েও পৰ্যালোচনা কৰা হয়। জিলা উপায়ুক্তই বেংক সমূহক কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত কৃষিৰ লগতে সহযোগী খণ্ড সমূহ যেনে, পশুপালন, দুগ্ধ উৎপাদন, মীনপালন আদি খণ্ডৰ লগত জড়িত লোকসকলক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

সভাত উপস্থিত অগ্ৰণী জিলা প্রবন্ধক বিশ্বজিত দাসে সভাত উপস্থিত জিলাখনৰ বিভিন্ন বেংক সমূহৰ প্রবন্ধক সকলক যোগ্য কৃষক সকলক   কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদানৰ কাম সমূহ খৰতকীয়া কৰিবলৈ আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক এল. মহন্তই ২০২০-২১ বৰ্ষৰ বাবে ১৮,৫০৫ গৰাকী হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব দিয়ে।

এই লক্ষ্যত উপনীত হ’বলৈ বেংক সমূহক বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ বাবেও তেওঁ আহ্বান জনায়। তেওঁ সভাত নাবাৰ্ডৰ ফালৰ পৰা এলেকা উন্নয়ন আঁচনিৰ অধীনত দুগ্ধ উৎপাদক, পশুপালক আৰু মীনপালক সকলৰ বাবে উপলব্ধ সুবিধা সমূহৰ আভাস দিয়ে।

সভাত জিলা উপায়ুক্তই সাম্প্ৰতিক ক’ভিড-১৯ ৰোগৰ গনসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেংক সমূহত নিয়মিত চেনিটাইজেচনৰ ব্যৱস্থা কৰা, বেংকৰ গ্ৰাহক সকলক মাস্ক পিন্ধা আৰু সামাজিক দূৰত্বত বজাই ৰখাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বেংকসমূহে জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱী সকলৰ সেৱা গ্ৰহণ কৰিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, গ্ৰাম্য আত্ম সহায়ক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক এম. কছাৰী, জিলা কৃষি বিষয়া ভীমকান্ত গগৈ, জিলা পশুপালন আৰু পশু চিকিৎসা  বিষয়া ডাঃ অক্ষয়ভট কেচাৰি, জিলা উদ্যোগ কেন্দ্র আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়-ববীয়া উপস্থিত থকে।