মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

মাৰ্ঘেৰিটাত ১,৯২,৮৭৭ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ

Screenshot_20210227_203328

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অসমত অনুষ্ঠান হ’ব লগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব সেই সম্পৰ্কে মাৰ্ঘেৰিটা সমষ্টিৰ সাংবাদিক সকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়।

 সভাত মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত মহকুমাধপতি সম্প্ৰীতি গোস্বামীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে ১২৪নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত এইবাৰ প্ৰথম পৰ্য্যায়ত নিৰ্বচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব।

ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে অহা ৯ মাৰ্চৰ ভিতৰত আৱেদন কৰিব পাৰিব। এইবাৰ মাৰ্ঘেৰিটা সমষ্টিত ভোটাৰ সংখ্যা প্ৰায় ১৯২৮৭৭জন ইয়াৰে পুৰুষ ভোটাৰ ৯৭৮০৫ আৰু মহিলা ভোটাৰ ৯৫০৭২ গৰাকী।

এইবাৰ মাৰ্ঘেৰিটাত সৰ্বমুঠ ২৭৪ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ইয়াৰে ৪টা মডেল চেণ্টাৰ আৰু দুটা কেন্দ্ৰ মহিলাৰ বাবে আদৰ্শ চেণ্টাৰ হিচাপে স্থাপন কৰা হ’ব।

অন্যহাতে কভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নিৰ্বাচনী আয়োগে দিয়া নীতি নিৰ্দেশনা সমূহ ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে ভোটাৰ সকলে মানি চলিব লাগিব। মাৰ্ঘেৰিটা সমষ্টিত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে মহকুমাধিপতিয়ে।

অন্যহাতে ইয়াৰে পূৰ্বে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায়কেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যলায়ৰ সভাকক্ষত মহকুমাধিপতি, নিৰ্বাচনী বিষয়া তথা অন্যান্য বিভাগৰে এখন সভা অনুষ্ঠিত হয়।

এই সভাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত সৰ্বমুঠ ৩০ লাখ ৮০ হাজাৰ টকা খৰচ কৰিব পাৰিব লগতে কভিড-১৯ তথা ভাৰতীয় নিৰ্বাচনী আয়োগৰ নীতি নিয়ম সমূহ মানি চলিব লাগিব বুলি উল্লেখ কৰে।