বৃটেইনত দেখা দিয়া ক’ভিড-১৯ৰ নতুন সংক্ৰমণে বিশ্ববাসীক চিন্তিত কৰি তোলাৰ সময়তে য়ুৰোপীয় দেশৰ পৰা অহা পৰ্যটকসকলৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয় চৰকাৰে।
চৰকাৰী নিৰ্দেশ অনুসৰি, চৰকাৰে বৃটেইন বা সেই দেশৰ মাজেৰে অহা লোকসকলক পৃথক হৈ থাকিবলৈ আৰু তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনাইছে।
মুখ্য সচিব এম এছ ৰাওৱে বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি কয়, ‘ক’ভিড-১৯ৰ নতুন সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃটেইনৰ পৰা অহা সকলো পৰ্যটকৰ প্ৰৱেশ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকে নিষিদ্ধ কৰা হৈছে’।
তেওঁ লগতে কয়, ‘যোৱা চাৰি সপ্তাহত (২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰ ২০২০লৈ) ৰাজ্যলৈ অহা সকলো লোকেই যোৱা ১৪ দিনত কোন কোন ঠাইলৈ গৈছে সেই সকলো তথ্য ৰাজ্যখনৰ পৰ্যটন বিভাগক অৱগত কৰিব লাগিব আৰু সকলোৱে আৰটি-পিচিআৰ টেষ্টো কৰিব লাগিব’।
তেওঁ লগতে মানুহক ঘৰৰ পৰা ওলাই আহোতে মাস্ক পিন্ধিব আৰু ক’ভিড-১৯ৰ অন্যান্য নিৰ্দেশনাৱলী অনুসৰণ কৰিবলৈ অনুৰোধ জনায়।
চৰকাৰী সূত্ৰই কৈছে যে শেহতীয়াকৈ বৃটেইনৰ পৰা অহা ৫ জন লোকৰ তথ্য লাভ কৰা গৈছে আৰু স্বাস্থ্য কৰ্মীয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে।
এই পৰ্যন্ত মেঘালয়ত সৰ্বমুঠ ১৩,২৯৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ইয়াৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হৈছে।