বিধেয়ক মানি লোৱা নহ’ব বুলি ক’বলৈ নতুন দিল্লীলৈ যাব মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দল

Teachers ‘body serve legal notice on Meghalaya govt.

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূব উত্তাল হৈ থকাৰ সময়তে ইয়াৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে মেঘালয় শাসনাধিষ্ঠ চৰকাৰৰ বিধায়কৰ এটা প্ৰতিনিধি দলে অতি শীঘ্ৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত নতুন দিল্লীলৈ যাবলগীয়া বিধায়কৰ দলটোৱে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ সাক্ষাতৰ বাবে অনুমতি বিচাৰিছে আৰু অনুমতি পোৱাৰ পাছতে সজাতি দলটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিয়ে।

‘চৰকাৰত থকা বাবে আমি এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছো আৰু আমি এই বিধেয়কখনৰ বিৰোধিতা কৰি যাম। বৰ্তমান পৰিস্থিতি কিছু সুকীয়া কিয়নো এতিয়াও ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱা নাই। সেয়ে আমি এই ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিছো আৰু পৰৱৰ্তি সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাক লক্ষ্য কৰি আছো’। এইদৰে কয় মুখ্য মন্ত্ৰী কনৰাড চাংমাই।

তেওঁ লগতে কয় যে মেঘালয় ডেম’ক্ৰেটিকছ এলায়েন্সৰ সহযোগী সকলেৰে গঠিত সজাতি দলটোৱে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু এই বিধেয়কখনে সমগ্ৰ উত্তৰ-পূবৰ বাবেই ভাবুকিস্বৰূপ বুলি জনোৱাৰ লগতে মেঘালয় চৰকাৰে এই বিধেয়কৰ বিৰোধিতা কৰাৰ কথা জনাব।

‘আমি সাক্ষাতৰ বাবে ইতিমধ্যে অনুমতি বিচাৰিছো আৰু আশা কৰো এসপ্তাহৰ ভিতৰতে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিব পাৰিম’। কনৰাড চাংমাই জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত গৃহীত হোৱাৰ পাছৰে পৰা সমগ্ৰ উত্তৰ-পূবতে ইয়াৰ তীব্ৰ বিৰোধ প্ৰদৰ্শন হৈছিল। বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপিয়ে এইক্ষেত্ৰত গ্ৰহণ কৰা আকোঁৰগোজ স্থিতিয়ে এতিয়া শংকিত কৰি তুলিছে উত্তৰ-পূবৰ সচেতন মহলক।