NORTHEAST NOW (Assamese)

মেঘালয়ত আৰক্ষীৰে সংঘৰ্ষত কাণে কাণ মাৰি বাচি গ’ল আলফা নেতা দৃষ্টি ৰাজখোৱা

October 21, 2020 2:45 pm · এন ই নাও নিউজ
Updated: October 21, 2020 2:58 pm

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ দুৰ্ধৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ সৈতে মেঘালয় আৰক্ষীৰ তুমুল সংঘৰ্ষ হোৱাৰ বাতৰি পোৱা গৈছে।

আলফা নেতাগৰাকীয়ে মেঘালয়ত প্ৰৱেশ কৰিব পাৰে বুলি খবৰ পোৱাৰ পিছতে সষ্টম হৈ পৰিছিল ৰাজ্য খনৰ আৰক্ষী।

মঙলবাৰে মেঘালয়ৰ ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বলচুগ্ৰে গাওঁত আৰক্ষীৰ সৈতে দৃষ্টি ৰাজখোৱাৰ ভয়ংকৰ সংঘৰ্ষ হয়।

অৱশ্যে এই সংঘৰ্ষত কোনো পক্ষৰে কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই।

দক্ষিণ গাৰোপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰিয়াংশু পাণ্ডেই প্ৰকাশ কৰা মতে দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্ৰায় ৪-৫ জনীয়া দল এটাই মেঘালয়ত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ সৈতে আলফাৰ দলটোৰ সংঘৰ্ষ লাগে।

ঘন অৰণ্যৰ আঁৰ লৈ আলফাৰ দলটোৱে সংঘৰ্ষস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষী অধীক্ষক গৰকীয় প্ৰকাশ কৰে ।

আলফাৰ দলটোৰ সন্ধানত আৰক্ষীয়ে দক্ষিণ গাৰো পাহাৰ জিলিাৰ ঘন জংঘলত অভিযান চলাই গৈছে বুলি তেওঁ কয়।

উল্লেখ্য আলফাৰ নেতা দৃ্ষ্টি ৰাজখোৱাক কেইসপ্তাহমান পূৰ্বে বাংলাদেশৰ জাফলং অঞ্চলত দেখা গৈছিল বুলি চোৰাংচোৱাই তথ্য দিছিল।

ইয়াৰ পিছত ৰাজখোৱাক মেঘালয়ৰ মেণ্ড্‌পথাৰত দেখা পোৱা গৈছিল বুলিও বহুতে প্ৰকাশ কৰিছে।

Related News