NORTHEAST NOW (Assamese)

শ্বিলঙত উত্তৰ-পূব খাদ্য মেলা আয়োজনৰ বাবে সাজু মেঘালয়

September 19, 2019 6:45 pm · এন ই নাও নিউজ
কনৰাড চাংমা

ডিচেম্বৰৰ ৪ তাৰিখৰ পৰা ৬ তাৰিখলৈ শ্বিলঙত উত্তৰ-পূব খাদ্য মেলা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে মেঘালয় চৰকাৰে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই খাদ্য মেলাখনত বিভিন্ন পক্ষক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

শ্বিলঙত অৱস্থিত নৰ্থ-ইষ্ট হিল য়ুনিভাৰ্চিটি কেম্পাছত মেঘালয় চৰকাৰে এছ আই এ এলৰ সহযোগত উত্তৰ-পূব খাদ্য মেলাখন অনুষ্ঠিত কৰিব।

নিজৰ টুইটাৰত প্ৰকাশিত এটা ভিডিঅ’ যোগে খাদ্য মেলাখনৰ কথা বৰ্ণনা কৰি মুখ্য মন্ত্ৰী চাংমাই মেঘালয় চৰকাৰ উত্তৰ-পূব খাদ্য মেলাৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰাৰ লগতে উত্তৰ-পূবৰ বিভিন্ন খাদ্যৰ সোৱাদ লবৰ বাবে সকলোকে মেলাখনত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

ভিডিঅ’টোত চাংমাই বিগত বৰ্ষত তেওঁ আৰু এটা প্ৰতিনিধি দলে পেৰিছ ভ্ৰমণ কৰি তাত থকা এছ আই এ এল পেৰিছ দৰ্শন কৰে বুলি উল্লেখ কৰি সেয়াই খাদ্য মেলা অনুষ্ঠিত কৰাৰ আৰম্ভণি বুলি মত প্ৰকাশ কৰে।

‘‘আমি এছ আই এ এলক খাদ্য সংশাধনৰ বাবে উৎকৃষ্ট সহযোগী হ’ব বুলি বিবেচনা কৰো আৰু তেওঁলোকৰ সৈতে এই ক্ষেত্ৰত কাম কৰি যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰো’’, চাংমাই কয়।

আনহাতে, এনে পদক্ষেপৰ অংশস্বৰূপে ডিচেম্বৰ মাহত একমাত্ৰ মেঘালয়ৰ বাবে নহয় সমগ্ৰ উত্তৰ-পূবৰ বাবে খাদ্য মেলাখনৰ আয়োজন কৰা হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে এনেধৰণৰ পদক্ষেপৰ দ্বাৰা উত্তৰ-পূবত খাদ্য উদ্যোগে বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আশা ব্যক্ত কৰে।

Related News