জিআইএছ প্ৰকল্প বাস্তৱায়নৰ বাবে মেঘালয় চৰকাৰৰ দ্বাৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

Memorandum-of-Understanding

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা  (জিআইএছ) প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে যোৱাকালি ১০ ডিচেম্বৰত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছে। মেঘালয়ৰ সচিবালয়ত মুখ্য মন্ত্ৰী কনৰাড ছাংমাৰ উপস্থিতত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয়।

ভাৰত চৰকাৰৰ হৈ এনইজিডিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সভাপতি এম এছ ৰাও (আইএএছ) আৰু ৰাজ্য চৰকাৰৰ হৈ  ৰাজ্যিক তথ্য প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ বিভাগৰ আয়ুক্ত আৰু সচিব এম আৰ ছিনৰেমৰ (আইএএছ) মাজত বিজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়।

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে নেশ্যনেল ই-গভৰ্নেন্স ডিভিজন আৰু ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ে মেঘালয়ৰ  ৰাজ্যিক তথ্য প্ৰযুক্তি  আৰু যোগাযোগ বিভাগৰ সৈতে সহযোগিতাৰে  নেশ্যনেল চেণ্টাৰ ফ’ৰ জিঅ’ ইনফৰমেটিকছক এটা সাংগঠনিক সুবিধা প্ৰদান কৰাৰ বাবে সহযোগিতাৰে কাম কৰিছিল।

এই প্ৰকল্পৰ সহায়ত ভূস্থানিক ক্ষেত্ৰখনৰ সৈতে জড়িত শেহতীয়া আহিলাসমূহ, ছেটেলাইট তথ্য, প্ৰযুক্তি প্ৰয়োগ কৰি জিঅ’-ইনফৰমেটিক্স, জিপিএছ আৰু ছেনছৰসমূহক সামৰ্থ্য একত্ৰিত কৰি পৰৱৰ্তী এপ্লিকেশ্যনসমূহৰ বিকাশ সাধন কৰিব পৰা যাব।

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা প্ৰকল্পই স্থানিক আৰু ভূস্থানিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কৃষি, ভূমি আৰু জল সম্পদ ব্যৱস্থাপনাৰ পৰিকল্পনা আৰু বিকাশ সাধন কৰিব পাৰিব, পতিত ভূমি/ৱাটাৰশ্বেড উন্নয়ন, ফৰেষ্ট্ৰী, দুৰ্যোগ ব্যৱস্থাপনা, আন্তৰ্গাঁথনি, শিক্ষা, পৰ্যটন, জলবিদ্যুৎ প্ৰকল্প, পানী যোগান আঁচনি আদি ৰূপায়নত সহায়ক হ’ব।

ৰাজ্য চৰকাৰৰ বিষয়াসকলক  পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণত জিআইএছ ব্যৱহাৰৰ বাবে এটা এদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগে। বিভাগটোক সহযোগ কৰিছে এনইজিডি আৰু গুজৰাটৰ ভাস্কৰাচাৰ্য ইন্সটিটিউট অব স্পেচ এপ্লিকেশ্যনছ এণ্ড জিঅ’ ইনফৰমেটিকছে (Bhaskaracharya Institute for Space Applications and Geo-informatics  চমুকৈ BISAG)। উক্ত কৰ্মশালাখনত তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগৰ যথাৰ্থ তথ্যৰ ভিত্তিত জিআইএছৰ প্ৰয়োগৰ ওপৰত যুগুতোৱা এটা প্ৰদৰ্শনো কৰা হৈছিল।