সোণোৱালে নোৱাৰিলে; গৃহমন্ত্ৰীক সাক্ষাৎ কৰি বিতৰ্কিত বিধেয়কৰ বিৰোধিতা চুবুৰীয়া দুই ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ

H2019011861772-750x375

নতুন দিল্লীত শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক বৈঠকত মিলিত হৈছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগা।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখেইখনক বিশেষভাৱে ক্ষতি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এজনৰ পাছত আন এজন মুখ্য মন্ত্ৰীয়ে সৰৱ হৈ পৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে বিধেয়কখনৰ সপক্ষে ওকালতি কৰি ৰাইজৰ ৰোষত পৰিবলগীয়া হৈছে।

চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী দুগৰাকীয়ে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব খোজা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কৰণীয় একো নাই বুলি কৌশলী স্থিতি গ্ৰহম কৰি অসম আৰু অসমীয়াৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই অনা বিষয়টোৰ পৰা আঁতৰি ফুৰিছে।

শুকুৰবাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰাম থাংগাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে ‘জাতীয় নায়ক’ সোণোৱালে জাতিধ্বংসী বিধেয়কখনৰ সমৰ্থনতহে বক্তৱ্য আগবঢ়াইছে।

উত্তৰ-পূবক কংগ্ৰেছমুক্ত কৰাৰ লক্ষ্যৰে গঠিত নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নেডা) অংশীদাৰ হৈও মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পি আৰু মিজোৰামৰ জোৰাম থাংগা নেতৃত্বাধীন এম এন এফ দলে বিৰোধিতা কৰিছে বিধেয়কখনৰ।

শুকুৰবাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ৯জন কেবিনেট সতীৰ্থসহ আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী থাংগাই নতুন দিল্লীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কখন বাতিলৰ দাবী জনায়। তদুপৰি, মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই বিধেয়কখন বাতিল নকৰিলে চূড়ান্ত সিদ্ধান্ত লোৱাৰ হুংকাৰো দিয়ে।

জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সাক্ষাৎকালত চুবুৰীয়া ৰাজ্যৰ মুখ্য মন্ত্ৰীদ্বয়ক বিধেয়ক সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে, সংবাদ মাধ্যমৰ আগত মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই উত্তৰ-পূবৰ মুখ্য মন্ত্ৰীসকলক নিজৰ ৰাজনৈতিক দলৰ পৰিসৰৰ বাহিৰলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈকো আহ্বান জনাইছে।

উত্ৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিতৰ্কিত বিধেয়কখনৰ মুকলিকৈ বিৰোধিতা কৰি চুবুৰীয়া দুখন ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে সৰৱ হৈ পৰাৰ বিপৰীতে আঞ্চলিক জাতীয়তাবাদৰ ধ্বজাধাৰী সোণোৱালে বিজেপিলৈ গৈ মুখ্য মন্ত্ৰীৰ গাদী ৰক্ষাৰ স্বাৰ্থতে জাতিধ্বংসী বিধেয়কখনক সমৰ্থন কৰি অসমবাসীক সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে।