• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উজবেকিস্তানত মেঘালয়ৰ শীৰ্ষ আমোলাৰ মৃত্যু! হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 1:21 pm
485
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী আৰু গড়কপ্তানি বিভাগৰ প্ৰধান সচিব চৈয়দ মহম্মদ এ ৰাজীৰ উজবেকিস্তানত মৃত্যু ঘটে। উজবেকিস্তানৰ বুখাৰা চহৰৰ হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে তেওঁৰ মৃতদেহ।

বাতৰি মতে, আমোলাগৰাকী মধ্য এছিয়াৰ দেশখনলৈ ব্যক্তিগত ভ্ৰমণত গৈছিল। যোৱা ৪ এপ্ৰিলৰ পৰা বুখাৰাত আছিল ৰাজী। মঙলবাৰে চৰকাৰী সূত্ৰ অনুসৰি মহানগৰীখনৰ এখন হোটেলত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

ৰাজী ইণ্ডিয়ান ৰে’লৱে ট্ৰেফিক চাৰ্ভিছৰ (আই আৰ টি এছ) বিষয়া আছিল। ২০২১ চনৰ পৰা মেঘালয়ত কৰ্তব্যৰত আছিল আমোলাগৰাকী। সোমবাৰৰ পুৱাৰে পৰা ফোনযোগে যোগাযোগ কৰিব পৰা হোৱা নাছিল।

দীৰ্ঘ সময় ধৰি কোনো সঁহাৰি নোপোৱাৰ পিছত হোটেলৰ কৰ্মচাৰীয়ে তেওঁৰ কোঠাৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে। সেই সময়ত হোটেলৰ কৰ্মচাৰীয়ে তেওঁৰ মৃতদেহ কোঠাটোত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

তেওঁৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে মেঘালয়ৰ আমোলাগৰাকীৰ হৃদৰোগত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।

ৰাজীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে মেঘালয় চৰকাৰে প্রয়োজনীয় পদক্ষেপ হাতত লৈছে৷ সেই ৰাজ্যৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কয় যে আমোলাগৰাকীৰ পত্নী ইতিমধ্যে বুখাৰালৈ ৰাওনা হৈছে৷

আমোলাগৰাকীৰ মৃত্যুৰ পিছত ছ’চিয়েল মিডিয়াত ছাংমাই লিখিছে, ‘ৰাজীৰ অকাল মৃত্যুত মই গভীৰভাৱে দুখী। মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে প্ৰতিটো বিভাগতে কামৰ প্ৰতি ৰাজীৰ নিষ্ঠা আছিল। ৰাজীৰ অবিশ্বাস্য দক্ষতাই আনকো অনুপ্ৰাণিত কৰিছিল। ছাংমাই লিখিছে, “তেওঁৰ (ৰাজীৰ) সহকৰ্মীসকলে তেওঁক অপৰিসীম মৰম আৰু সন্মান কৰিছিল।”

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd